পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভোমোৰা।

 কাৰনো স্ৰজনা,
 ভোমোৰা কলীয়া,
কোনেনো পঠালে তোক?
 কি ভাব মনত,
 আছেনো ভোমোৰা,
সুধিলে কবিনে মোক?

 তই আহ বুলি,
 কেতেকি তগৰে,
হাঁহি হাঁহি থাকে চাই,
 নহা দেখিলেই,
 বিষাদ মনেৰে,
লেৰেলি শুকাই যায়।

 গোন্ধত বলিয়া,
 ভোমোৰ কলীয়া,
বিহৰ চাৰিও পিনে,
 সাদৰি ফুল,
 আদৰে সাৱটি,
মৰম কৰহি দিনে।