কৰ্ত্তব্যপৰায়ণ গুণো চৰিত্ৰবানৰ লেখত পৰে। অবালচন্দ বা অকাঁজভাগীৰ জীৱনত সকাম নাই। জগতৰ বুৰঞ্জী মেলি চালেই কিম্বা মহাপুৰুষ সকলৰ জীৱন চৰিত্ৰ অধ্যয়ন কৰিলে চৰিত্ৰ অদ্ভুত ক্ষমতা আৰু ইয়াৰ অতুল প্ৰভাৱ দেখা যায়। শ্ৰীকৃষ্ণ, যিশুখৃষ্ট, মহম্মদ লুঠাৰ, বুদ্ধ, চৈতন্য, শঙ্কৰ আদি ধৰ্ম্ম প্ৰচাৰক সকল কেৱল চৰিত্ৰ বলেৰেই সংসাৰৰ পৰ্ব্বতাকাৰ ঢৌ মাৰ নিয়াই নিজ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছিল।
যেতিয়া কোনো ধৰ্ম্ম প্ৰচাৰকে ধৰ্ম্ম প্ৰচাৰৰ অৰ্থে সংসাৰৰ বাহিৰ হৈছে তেতিয়া বিধৰ্ম্মীয়ে চাৰিউ ফালৰ পৰা বিঘিনি জন্মাবলৈ হুঙ্কাৰ কৰি লৰি আহিছে। কিন্তু সেই মহাপুৰুষ সকলে এক চৰিত্ৰ বলেৰে জগতত দিগ্বিজয় কৰিব পাৰিছে। চৰিত্ৰৰ এনেহে তেজ যে ইৰাৰ আগত আন সকলো মিছা।
ধৰ্ম্ম যুধিষ্ঠিৰৰ চৰিত্ৰৰ ইমান প্ৰভাৱ আছিল যে যেতিয়া তেওঁ নৰকত জুলুকি জুলুকি কষ্ট খাই থকা নাৰকী বোৰক দৰ্শন কৰিলে তেতিয়া সেই প্ৰাণীবিলাকৰ খন্তেকৰ কাৰণে দুখ যন্ত্ৰণা লোপ পাইছিল। চৰিত্ৰবলে শত্ৰুক মিত্ৰ কৰে। চৰিত্ৰবান পুৰুষৰ আগত চোৰে চোৰ্য্য এৰে, শঠে শাঠ্য ত্যাগ কৰিব বাধ্য হয়। এনে চৰিত্ৰ লাভ কৰি সংসাৰৰ অনূষ্টু- পীয়া সুখৰ ভোগ কৰিবলৈ সকলোৰে যত্ন হব লাগে। কোমল অৱস্থাতে সকলো বস্তুকে ভাজ দিব পাৰি। মনুষ্য জীৱনৰ আদি ভাগেই চৰিত্ৰ গঠনৰ উত্তম সময়।
⸺⸺