পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চৰিত্ৰ।

 প্ৰত্যেক মানুহৰে কিছুমান অভ্যাস আছে। কোনো এটা কাম বাৰে বাৰে কৰি থাকিলে সেই কাম সহজ হয়। এনেকৈ কেতবোৰ কাম দিনে ৰাতিয়ে কৰি থাকোতে থাকোতে মানুহৰ সহজ হৈ গছে। সেই সহজ হোৱাকে আমি অভ্যাস বোলো। যেনে—এজন মানুহে সদাই বেলি- কৈ শুই থাকে, আন এজনে সদাই দোকমোকালিতে ঢাৰি পাতি এবে, এজনে নিজৰ কৰ্ত্তব্যত পুৱাতে হাত দিয়ে, এনে ধপাঁত চিগাৰেট নাখাইমানে কোনো কামকে কৰিব নোৱাৰে, এজনে বাওঁ হাতেৰে লিখে, আন এজনে খানিয়া কাপোৰখন লেবেৰাহতীয়াকৈ লয় ইত্যাদি। এই আটাই বোৰ অভ্যাসৰ কথা। আমাৰ জীৱনৰ এনেকুৱা সৰু সুৰা ভাল বেয়া বহুতবোৰ অভ্যাস আছে। এইবোৰ অভ্যাসক কেতিয়াবা ভাল বোলো , আকৌ কেতিয়াবা বেয়া বোলো। ভাল বেয়া সকলো অভ্যাসৰ সমষ্টিয়েই চৰিত্ৰ। এজন মানুহৰ কানি খোৱা অভ্যাস। সি পৰৰ বস্তু চোৰ কৰে, মিছা কথা কয়, আনৰ নিন্দা কৰে আৰু ওচৰ চুবুৰীয়াক হিংসা কৰে। আন এজনে ৰাগিয়াল বস্তুৰ গোন্ধকে সহিব নোৱাৰে, পৰৰ নিন্দাত কেতিয়াও যোগ নিদিয়ে। ওচৰ চুবুৰীয়াক পাৰিলে সহায় কৰে আৰু নিজে ন্যায় ভাৱে উপাৰ্জ্জন কৰি সংসাৰ যাত্ৰা নিৰ্ব্বাহ কৰে। এই দুজন মানুহৰ আটাইবোৰ