সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
সাহিত্য-সম্পদ।


কথা গমি পিতি চাই আমি আগৰ জনৰ চৰিত্ৰ বেয়া আৰু পিচৰ জনৰ চৰিত্ৰ উত্তম বোলোঁ। চৰিত্ৰই মানুহক দেবতুল্য কৰে আকৌ চৰিত্ৰই মানুহক পশুতকৈও নিকৃষ্ট কৰে। অৰ্থাৎ যিজন মানুহৰ আচৰণত আৰু কাৰ্য্যত দহজন সন্তুষ্ট হয়, সেই জন মানুহক দেৱতাৰ দৰে ভক্তি আৰু সন্মান কৰা হয়। চৰিত্ৰ মানব নামৰ যোগ্য অযোগ্য কৰাৰ জোখ-কাঠি। যেনেকৈ জোখ-কাঠিৰে জুখি কোনো এটা বস্তুৰ দীঘল পুতল নিৰ্ণয় কৰিব পাৰি তেনেকৈ চবিত্ৰেৰে কোনো এজন মানুহৰ মনুষত্ব স্থিৰ কৰিব পাৰি।

 চৰিত্ৰ গঠন কৰিবলৈ হলে আমি সকলোৱে কিছুমান সজ গুণৰ অধিকাৰী হব লাগিব। সজগুণেহে মানবৰ প্ৰকৃত চৰিত্ৰ গঠন কৰে। অসজ গুণে চৰিত্ৰৰ অৱমাননা কৰে। নম্ৰতা বা সকলো বিষয়তে বিনয়ী হোৱা, চৰিত্ৰৱান হব খোজা লোকৰ পক্ষে বৰ আৱশ্যকীয়। কোনোৱে ডাঙ্কোপ মৰা বা উদ্ধত ভাবে কথা বতৰা কোৱা লোকক ভাল নেপায়। সদাই বিনয়ী বা সৰুটি হৈ চলিব খুজিলে সংসাৰ পথ সুগম হয়। সত্য কথা কোৱা চৰিত্ৰৱানৰ প্ৰধান ভূষণ। সত্যই মানুহক দেৱত্ব দিয়ে সত্যৰ প্ৰভাৱত মিথ্যা আঁতৰি যায়।সত্য়ৰ জ্যেতি এনেহে উজ্জ্বল যে মিথ্যা ইয়াৰ আগত নিষ্প্ৰভ হয়। চৰিত্ৰৱানৰ পক্ষে সত্য কথা জীৱনৰ এটা ব্ৰত হব লাগে।

 পৰ নিন্দুক কদাপি হব নালাগে। আনক নিন্দা কৰা বা আনৰ বিষয়লৈ ৰটনা খচনা ৰুৰা চৰিত্ৰৱান লোকৰ কৰ্ম্ম