তেতিয়া কালিদাসক সুধিলে, “সেইয়া কি?’ কালিদাসে “পঙ্কজ”* বুলি দেবীক স্তুতি কৰি কলে—
“মোৰ আগ হাতত পদ্ম আৰু বাওঁ হাতত এটা ফুলা উৎপল আছে। হে পঙ্কজলোচনে! তোমাক ইয়াৰ কোনটি লাগে?” দেবীয়ে কলে, “তোমাৰ যি ইচ্ছা তাকে দিয়াঁ।” কালিদাসে এই কথা শুনি ফুলা উৎপলটিকে দেবীক অৰ্পণ কৰিলে। দেবীয়ে কালিদাসৰ পুষ্পাঞ্জলিত তুষ্ট হৈ এই বুলি বৰ দিলে, ‘কালিদাস, আজিৰ পৰা মই তোমাৰ কণ্ঠত থাকিম, কিন্তু কালিদাস, তুমি নাজানানে যে স্তৱ কৰিবলৈ হলে আগেয়ে চৰণ বন্দনা কৰিব লাগে। কিন্তু তুমি তাক নকৰি মোৰ মুখমণ্ডল প্ৰথমতে বৰ্ণনা কৰিলা। সেইবাবে কালত তুমি এজন নিকৃষ্ট মানুহৰ হাতত পৰাজয় হবা।” কালিদাসে দেবীৰ কথা শুনি শাপৰ পৰা মুক্ত কৰিবলৈ বৰ অনুনয় প্ৰাৰ্থনা কৰিলে। কিন্তু দেবীয়ে কলে, “এই বিষয়ত মোৰ একো হাত নাই; বিধাতা ইয়াৰ কৰ্ত্তা।” ইয়াকে কৈ দেবীয়ে কালিদাসক বিষ্ণু শিৰোমণি নামে এজন অধ্যাপকৰ তলত বিদ্যা অধ্যয়ন কৰিবলৈ আজ্ঞা কৰি অন্তৰ্দ্ধান হল।
সৰস্বতী দেবীৰ বৰপ্ৰাপ্ত কালিদাসৰ একো সম্বল
- পদ্মমিদং মম দক্ষিণ হস্তে
বামকৰে লসদ্যুৎপলমেকম্।
ব্ৰুহি কিমচ্ছসি পঙ্কজনেত্ৰে
কৰ্কশলালমকৰ্কশলালম্॥