আৰু যেনেকৈ পাৰোঁ তেনেকৈ সৰস্বতী দেবীৰ কৃপা লভিমবুলি মনত সংকল্প কৰি ওটবীলৈ শৈ সৰস্বতী দেবীৰ আৰাধনাত দিন ৰাতি কটাবলৈ ধৰিলে। এনেকৈ দুদিনমান নিৰাহাৰে থাকি এদিন পিয়াহত বৰ আতুৰ হৈ ওচৰতে থকা পুখুৰী এটিৰ পানী কেইচলুমান খাই এজোপা গছৰ তলত টোপনি গল। সেই টোপনি অহা অৱস্থাত তেওঁ এটা সপােন দেখিলে ; তেওঁৰ মাকে যেন গৈ সৰস্বতী দেবী সুপ্রসন্ন হব বুলি একমনে আৰাধনা কৰিবলৈ কলে। সপােন দেখি সাৰ পাই কালিদাসে কান্দি কান্দি সৰম্বতী দেবীক প্রার্থনা কৰিবলৈ ধৰিলে। সেই সময়ত হঠাৎ এজনী বুঢ়ী উপস্থিত হৈ কালিদাসক কন্দাৰ কাৰণ সুধি জানিব পাৰি তেওঁৰ মনােৰথ সিদ্ধি হব বুলি কৈ নাইকিয়া হল । আকৌ খন্তেক পৰতে সৰস্বতী আই বেশ ধৰি আগত উপস্থিত হৈ কালিদাসক সৰস্বতী দেবী স্তুতি কৰিবলৈ শিকাই দিওঁ বুলি কলে । আৰু ওচৰৰ পুখুৰীত গা ধুই আহিলত সৰস্বতী দেবীয়ে কালিদাস ‘ব্রহ্ম’ বুলিবলৈ কলে। কিন্তু কালিদাসে ‘ব্রেহ্ম’ বুলিলে, ব্ৰহ্ম বুলিব নােৱাৰিলে। এইবাৰ সৰস্বতী দেবীয়ে নিজৰ মূর্ত্তি ধৰি কালিদাসক ‘তােমাৰ মঙ্গল হওক’ বুলি কলে । আৰু কলে এই যে, তােমাৰ আগত কুণ্ডটো দেখিছা, তাত ডুব মাৰাঁ আৰু পানীৰ তলত যি পােৱা তাকে তুলি আনা। কালিদাসে ডুব মাৰি অলপ বােকা আনিলে। আকৌ দেবীয়ে ডুব মাৰিবলৈ কলে। এইবাৰ কালিদাসে ডুব মাৰি এটা পদুমফুল আনিলে। দেবীয়ে
পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১১৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
সাহিত্য-সম্পদ।