পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
সাহিত্য সম্পদ।

নাই, কেনেকৈ অধ্যয়ন কৰিবলৈ যায়? যি হওক নিজৰ হাতত থকা আঙ্গঠিটোকে বেচিলে। আৰু সেই ধনেৰেই বিষ্ণুশিৰোমণি অধ্যাপকৰ শিক্ষা গ্ৰহণ কৰি অতি অলপ দিনৰ ভিতৰতেই অগাধ পণ্ডিত হৈ গুৰুৰ চৰণত সেৱা জনাই গৌড়দেশলৈ যাত্ৰা কৰিলে। গৌড়দেশলৈ আহি নিজৰ বিদ্যাৰে পণ্ডিতমণ্ডলী সকলোকে চমক লগালে। তেওঁৰ স্ত্ৰী, যাৰ দ্বাৰা কালিদাস এদিন ঘৃণিত হৈছিল, সেই পত্নী আহি কালিদাসৰ ভৰিত দীঘল দি নিজৰ দোষৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিলে। এতিয়া কালিদাসে পত্নী, বন্দী বেটীয়ে সৈতে নিজ দেশলৈ আহিবলৈ স্থিৰ কৰি যথা সময়ত শুভক্ষণত গৌড়দেশৰ পৰা যাত্ৰা কৰি নিজ ঘৰ পালেহি। কালিদাসৰ মাতৃদেবী আনন্দত উদ্বাউল হল।

 যি কালিদাসৰ জীৱনৰ এভাগ ঘোৰ অন্ধকাৰত আবৃত আছিল সেই কালিদাস বিদ্যাৰ জ্যোতিৰে এতিয়া দেশবিদেশত সম্মানিত। কালিদাসৰ বিদ্যা, কালিদাসৰ প্ৰভাৱ দেখি ৰজা বিক্ৰমাদিত্যই তেওঁক তেওঁৰ নৱ ৰত্নৰ এটি ৰত্ন কৰি লবলৈ বাধ্য হল। এই বিক্ৰমাদিত্য ৰজাৰ উজ্জযিনী নগৰতে কালিদাস বিশেষভাবে চাৰিও দিশৰপৰা সম্মানিত হবলৈ ধৰিলে।

 ধন্বন্তৰি, ক্ষপণক, অমৰসিংহ, শঙ্কু, বেতালভট্ট, ঘটকপৰ, কালিদাস, বৰাহমিহিৰ, বৰৰুচি এই নৱ পণ্ডিতে* বিক্ৰমা-


  • ধন্বন্তৰিঃ ক্ষপণকোমৰসিংহশঙ্কু

বেতালভট্ট ঘ,কপৰ কালিদাসঃ।