সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
কালিদাস।


কালিদাসত বিয়া সোমাৰলৈ বাধ্য হল। ৰজাই কালিদাসৰ লগত ৰাজকন্যাক আনি সমাৰোহে বিয়া দিলে। বিয়া গলত কালিদাসে ৰাজপ্ৰাসাদত দিন কটাবলৈ ধৰিলে।

 এদিন আইদেউ আৰু কালিদাস এটা ঘৰত বহি আছে। এনেতে এটা উটে মতা শুনিলে। উটৰ মাত শুনি আইদেৱে কালিদাসক কিহৰ মাত বুলি সুধিলে। কালিদাসে ‘উষ্টে’ মাতিছে বুলি কলে। আইদেৱে সিবাৰ নিজৰ শুনাতভুল হোৱা বুলি ভাবি নুশুনাৰ ভাও ধৰি পুনৰায় সুধিলে। এইবাৰ কালিদাসে ‘উট্টে’ মতা বুলি কলে। এইবাৰ আইদেৱে কালি- দাসৰ ভুল হোৱাটো প্ৰত্যয় মানিলে আৰু কালিদাসক বৰ ঘৃণাৰ চকুৰে চালে; স্বামী যে এনেকুৱা নিৰ্ব্বোধ, তাক ভাবি কান্দিবলৈ ধৰিলে আৰু বিধাতাক দোষ দি এইদৰে কলে :—

 বিধাতা কুপিত হলে কোনো কাজেই সিদ্ধি নহয়। যি মূৰ্খ ই উষ্ট্ৰ শব্দ উচ্চাৰণ কৰোঁতে এবাৰ ৰ’কাৰ এবাৰ ষ'কাৰ লোপ পেলায়, তাৰ লগতহে মোক বঞ্চিবলৈ দিলে!

 কালিদাসৰ এই ঘটনা দেখি মমত বৰ ধিক্কাৰ লাগিল। .

কিং ন কৰোতি বিধিৰ্ষদি ৰুষ্টঃ।
কিং ন কৰোতি স এবহি তুষ্টঃ॥
উষ্ট্ৰে লুম্পতি ৰম্বা ৰম্বা।
তস্মৈ দত্তা বিপুল নিতম্বা॥