স্বনামধন্য কবি পোপে ৰাতি বিছনাৰ পৰা উঠিও কোনো কোনো ভাব লেখি থৈছিল।
বীচাৰ ফ্ৰাউডৰ ‘ইংলণ্ড’ নামেৰে কিতাপখন তেওঁ ‘ডিনাৰ’ খাবলৈ ৰখা পৰ খিনিতে অলপ অলপকৈ লেখি শেষ কৰে।
প্ৰসিদ্ধ গ্ৰোট চাহাবে বেঙ্কাৰৰ কাম কৰি যি এফেৰি সময় পাইছিল তাকেই কামত লগাই ‘গ্ৰীচৰ বুৰঞ্জী’ নামেৰে এখনি অনুপম কিতাপ লেখে।
ডাক্তৰ বানীয়ে ঘোঁৰাৰ ওপৰত উঠি ফুৰিবৰ সময়খিনিতে ফ্ৰেঞ্চ আৰু আৰু ইটালী ভাষা শিকে।
ডাক্তৰ মেছন গুভে লণ্ডনলৈ ৰোগী চাবলৈ ঘোঁৰাত উঠি যাওঁতে লুক্ৰেটীয়াচ নামব কিতাপখনি তৰ্জ্জমা কৰিছিল।
নামজ্বলা কবি লংফেলোৰ ‘কফি’ উতলাবলৈ যি দহ মিনিট সময় লাগিছিল তাকেই কামত খটাই ইন্ফাৰনো নামৰ কিতাপখন কেইবা বছৰলৈকে অলপ অলপকৈ লেখি শেষ কৰে।
মেডাম ডি জেনিলিচে ফ্ৰাঞ্চৰ ৰাজকুমাৰীক দৈনিক পাঠ দিবলৈ গৈ যি অলপ সময় ৰখিব লগীয়া হৈছিল, সেই সময়খিনিতে তেওঁ সুন্দৰ সুন্দৰ কিতাপ লেখিছিল।
মহা কবি মিল্টন চাৰিটা কি পাচোঁটা ডাঙ্গৰ বাব লৈ যি কিঞ্চিৎ সময় পাইছিল, সেই সময়খিনিতে ওখ ভাবপূৰ্ণ সুন্দৰ সুন্দৰ কবিতা ৰচনা কৰিছিল।
গেলিলিও নিজে চাৰ্জ্জন আছিল কিন্তু তেওঁ আজৰি সময়খিনি কামত খটাই বহু নতুন তথ্য আবিষ্কাৰ কৰে।