সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
সময়ব সদ্ব্যৱহাৰ।

 মন্ত্ৰীবৰ গ্লাডষ্টোন তেওঁৰ গোটই জীৱনত সৰু কিতাপ এখনি জেপৰ ভিতৰত লৈ ফুৰিছিল। জানোচা এটি মূহুৰ্ত্তও তেওঁৰ হাতৰ পৰা কেনেবাকৈ সৰকি যায়।

 মাইকেল ফেৰাডেই কিতাপবন্ধা কামত লাগি থাকোঁতে তেওঁৰ অবসৰ সময়খিনি নানা বিষয়ৰ বৈজ্ঞানিক পৰীক্ষাত নিযুক্ত কৰিছিল। এবাৰ তেওঁ বন্ধু এজনলৈ এইদৰে লেখিছিল “মাক মাথান সময় লাগে। আহা! আহা! মই যদি সস্তা দৰত আমাৰ আজিকালিৰ ভদ্ৰলোক সকলৰ অবসৰ সময়খিনি নাইবা দিনবোৰ কিনিব পাৰিলোঁহেতেন।” সাবধান! সাবধান!! বুদ্ধিমান মানুহে তুমি এলাহত কটোৱা সময়খিনি যেন এইদৰে সস্তাদৰত বা বিনা দামত কিনিবলৈ নাপায়। এতিয়াও তুমি এক মহা সম্পদৰ ৰাজ ৰাজেশ্বৰ। জানিবা হেলাৰঙ্গেৰে যদি এই মহা সুযোগ হেৰোৱা তেনেহলে আনে এই সুযোগ কেতিয়াও এৰি নিদিয়ে। অবাবত এই সুযোগ হেৰালে কাক তুমি দুষিবা? অৱশেষত এদিন বৰ দুখেৰে গম পাবা যে এক মহা সম্পদৰ অধিকাৰী হৈ তুমি ছালছিগা ভিকহু মাত্ৰ আৰু আনফালে সেই একে আৰু অদ্বিতীয় বস্তুৰে সদ্ব্যৱহাৰ কৰি আন এজনে অটুট স্বাস্থ্য, অগাধ বিদ্যা আৰু অতুল ধনৰ অধিকাৰী হৈ নিজৰ জীবন ধন্য কৰিছে।