নিচেই হীনভাবে যাপন কৰা জীৱনক উন্নত আৰু মহীয়ান কৰি তুলিব। অনিৰ্দ্দিষ্ট জীৱনৰ বাট পোণাই দিব আৰু নিদ্দিষ্ট জীৱনক উধাই লৈ যাব। এই হেৰাব দিয়া সময়খিনিৰ সদ্ব্যৱহাৰে ‘পেটে-ভাতে খাই থকা’ জীৱনক মহা সম্মানেৰে ‘একঠা চাউলৰ ভাত’ খোৱা কৰিব। উঃ এই হেৰাই যাব ধৰা সময়ৰ সদ্ব্যৱহাৰে কি মহৎ ফল উৎপাদন কৰিব পাৰে। ইয়াৰ কি অসীম শক্তি!! আশাহীন উদ্দেশ্যহীন সামান্য নগণ্য এটা ভাঁহি যোৱা জীৱনৰ পাৰ লগাই আৰু পাৰ পোৱা জীৱনক কৃতকাৰ্য্যতাৰ সৰ্বোচ্চ সোপানত তুলি দি কি অঘটন ঘটাব পাৰে।
এই হেৰাই যাব ধৰা সময় ফেৰিৰ সদ্ব্যৱহাৰ কৰি মহৎ জীৱনৰ লোক সকলে কি আচৰিত ফল লাভ কৰিছে তাক ভাবিলে বিস্ময় নামানি নোৱাৰি।
বিশ্ব বিখ্যাত কবি গেটেই এবাৰ বৰ ডাঙ্গৰ ৰজা এজনৰ সৈতে দেখা কৰিবলৈ গৈ তেওঁৰে সৈতে কথা পাতি আছিল এনেতে তেওঁৰ মনত এটি সুন্দৰ ভাবৰ উদয় হ’ল। ‘অলপ পৰলৈ ক্ষমা কৰিব’ বুলি তেওঁ ওচৰৰ খোঁটালী এটাত সোমাই সেই ভাবটো তেতিয়াই লেখি পেলালে। সেই ভাবটো ‘ফষ্ট’ মামে তেওঁ লিখা কিতাপ সম্বন্ধে আছিল। জানোচা আন ফালে সেই ভাবটো বিফলে যায় এই কাৰণে পলম নকৰি এনে আজৰি নথকা সময়তো সময় উলিয়াই লেখি থলে।
হায়! দেখা নাপাওঁ আমি মহতৰ মহতালি যে এই খিনিতে!