সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
সাহিত্য-সম্পদ।

নিৰ্দ্দিষ্টকৈ এফালে পেলাই থোৱা সময়খিনিৰ পোন্ধৰ মিনিট সময় নিয়মিত ভাবে ব্যায়াম চৰ্চ্চাত নিযুক্ত কৰিলে আমাৰ শৰীৰক ৰোগমুক্ত কৰি স্বাস্থ্যবান হৈ জীৱন সুখময় কৰিব পাৰোঁ। আৰু তাৰ লগে লগে আমাৰা বঢ়াব পাৰোঁ। এনেয়ে হেৰাই যাবলৈ ধৰা এই সময়খিনি সাহিত্য, শিল্প, বিজ্ঞানৰ কোনো এক বিভাগত নিযুক্ত কৰিলে পোন্ধৰ বছৰৰ ভিতৰত নিশ্চয় যেই সেই বিষয়ত পৈণত হৈ উঠিব পাৰি। মাতৃভাষাৰ সাহিত্য চৰ্চ্চাত এই সামান্য সময়খিনি নিযুক্ত কৰিলে ৮ বা ১০ বছৰৰ ভিতৰত যে কত বহুমূলীয়া সম্পদ মাতৃভাষাক দান কৰিব পাৰি তাক ভাবিলে বিস্ময় মানিব লাগে। কাৰণ এই আধঘণ্টা বা এঘণ্টা সময়ত দেশ বিদেশৰ নানা সাহিত্যৰ সুৱলা গ্ৰন্থাদি মাতৃ ভাষাত ভাঙ্গিব পাৰি আৰু সিও জাতীয় সাহিত্যৰ স্থায়ী কীৰ্ত্তি স্বৰূপ হৈ থাকে। আধুনিক উন্নত সাহিত্য বিলাকৰ এটি বিভাগ এনে বিদেশী সাহিত্যৰ ভাঙ্গনীয়ে ওখ ঠাই অধিকাৰ কৰিছে। তাৰ লগে লগে সেই সাহিত্যবোৰৰো নানা প্ৰকাৰে পুষ্টি সাধন হৈছে। যি পুৰণি শঙ্কৰী সাহিত্য অসমীয়াৰ গৌৰৱৰ বস্তু সিও অনুবাদ মূলক সাহিত্য নহয় নে? বৰ্ত্তমান অসমীয়া সাহিত্যৰ এই বিভাগটি অসম্পূৰ্ণ ৰবনে?

 নিচেই সামান্য এই সময়খিনিৰ শিক্ষাই দহ বছৰৰ ভিতৰত ভোদা বুধিক চোকা, মূৰ্খক জ্ঞানী আৰু বুদ্ধিহীনক বুদ্ধিমান কৰি তুলিব পাৰে। এই আজৰি সময়খিনিৰ সুব্যৱহাৰে