পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৪
নতুন পোহৰত অসমীয়া বুৰঞ্জী

তাক নামানি কৃষ্ণক গালি শপিলে। ইয়াৰ ফলত ইন্দ্ৰৰ লগত অৰ্জুনৰ যুদ্ধ হ'ল , আৰু শেষত অৰ্জুনে দেৱতাৰ ওপৰত জয় -লাভ কৰিলে। এই কাহিনীকে লৈ কবিয়ে কৃষ্ণৰ নাম লবলৈ উপদেশ দিছে—“এতেকে নামক লোৱা সৱে সাধুজন।” ইত্যাদি।

 এই কবিতাটিৰ ভাব-ভাষাৰ লগত শ্ৰীশঙ্কৰদেৱৰ “শুনিয়োক সৰ্বজন চৰিত্ৰ’’ বুলি আৰম্ভ হোৱা উপদেশৰ অকণো অমিল দেখিবলৈ পোৱা নহয়; বাস্তৱতে সেই উপদেশৰ “নাহিকে চেতন কাল-আজগৰে গিলে। ধন-জন জীৱন যাইব একতিলে॥” ইয়াৰ “দেহা নতু নপৰন্তে কালে নতু গিলে। ধন-জন জীৱন যৌৱন একতিলে।” আদি আখৰে আখৰে মিলে কেনেকৈ? তদুপৰি ৰামায়ণৰ দৰে ইয়াত ক'তো কবিৰ আত্ম-পৰিচয় যি নায়েই, ভণিতাত সদায় “মাধৱে ৰচিলা” বুলিহে আছে; " অসমীয়া সাহিত্যৰ চানেকি”ত তুলি দিয়া শেষৰ ভণিতাত মাত্ৰ এঠাইত “মাধৱ কন্দলী ৰচিলন্ত ইটো পদ" বুলিছে! গতিকে ভাব-ভাষা সকলো ফালৰ পৰা “দেৱজিত” সম্পূৰ্ণ বৈষ্ণৱ গ্ৰন্থ আৰু ই ৰামায়ণ-ৰচয়িতা মাধৱ কন্দলীৰ ৰচনা নহয় বুলিয়ে প্ৰতীয়মান হয়। 'তাকে জানি সভাসদ এৰি আন কাম। খণ্ডোক পাতক ডাকি বোলা ৰাম ৰাম॥’’ আদি “বৈষ্ণৱ ভণিতাৰ “আঁচু ফুল যে অৱশ্যে বৈষ্ণৱ যুগৰ , আগতে তাৰ প্ৰমাণ দি অহা হৈছে। কোনো চৰিত-পুথি আদিত নোপোৱাত ভণিতাৰ মাধৱ” নামৰ পৰাই ইয়াক মাধৱদেৱৰ ৰচনা বোলাও দুঃসাহসৰ কথা হব, যদিও অৱশেই কোনোমতে মাধৱদেৱৰ নামৰ আযোগ্য পুথি নহলহেতেন।