পুথি তিনি
নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য
আগকথা (ক) ঐতিহাসিক জৰিপ — এই যুগ ভাৰত ইতিহাসৰ লডি বংশৰ (১৪৫১-১৫২৬) উত্থান, আৰু আকবৰ (১৫৫৬-১৬০৫) আৰু শ্বাজাহান (১৬২৭-৫৮) প্ৰভৃতি শ্ৰেষ্ঠ মোগল সম্ৰাটসকলৰ ৰাজত্বৰ সমকক্ষ। অসম বুৰঞ্জীৰ এই যুগ ছুছেনফাৰ আমোলত (১৪৩৯-৮৮), আৰম্ভ হৈ ছুতাম্লাৰ আমোলত (১৬৪৮-৬৩) শেষ হয়; আৰু তাত খেন বংশৰ নীলাম্বৰ (১৪৫৫-৯৮) কোচ ফৈদৰ নৰনাৰায়ণ (১৫৪০-৮৪) চুটিয়া বা নীতিপাল (আঃ ১৫২৩) আৰু কছাৰী ৰজা ডেৎছোঙ্ (১৫৩১-৩৬) আৰু এবুৰি ছঅঁৰা বিখ্যাত ৰজাৰ উত্থান-পতন ঘটে। এই যুগৰ ভিতৰতে আকৌ দহ বাৰ মোগলে এই দেশ আক্ৰমণ কৰে আৰু দহ বাৰেই সেই আক্ৰমণবোৰ ব্যৰ্থ হয়; প্ৰথম চাৰিটা আক্ৰমণৰ কাল যথাক্ৰমে ১২০৬, ১২২৭, ১২৫৭ আৰু ১৩৫৭৷ পঞ্চম আক্ৰমণত মোগল সৈন্য হাৰি পলাই যাব লগা হোৱাত মোগল সেনাপতি হুছেন শ্বাহে মিতিৰালি পাতিবৰ ছলেৰে বিশ্বাসঘাতকতা কৰি ১৪৯৮ত চিৰপ্ৰসিদ্ধ কমতাপুৰৰ ৰাজধানী ধ্বংস কৰে; তথাপি কামৰূপ ৰাজ্যৰ ভিতৰত মোগলৰ শাসন ১৫০২ ৰ ইফালে নিটিকিল। ইউৰপীয় পুৰাণৰ ফীনিক্স চৰাইৰ দৰে কমতাপুৰৰ ধবংসাৱশেষৰ ওপৰতে বিশ্বসিংহৰ ৰাজত্বেৰে (১৫১৫-৪০) কোচবেহাৰ ৰাজধানীৰে কোচ ৰাজ্য গঢ়ি উঠিল, পিছে আকৌ এই যুগৰ ভিতৰতে প্ৰাণনাৰায়ণৰ ৰাজত্বৰ (১৬৩৩-৬৬) লগে লগে এই কোচ ৰাজ্যৰো পতন ঘটে। ইহাতে, পূব ফালৰ পৰা পৰাক্ৰমী টাই আক্ৰমনকাৰীসকলে বৰাহী, মৰাণ, মতক, চুটিয়া, বাৰ ভূঞা আদিৰ সৰু সৰু ৰাজ্যবিলাক ক্ৰমে নানা বুদ্ধি-সন্ধিৰে এখন এখনকৈ জয় কৰি নিজ ৰাজ্যৰ লগত জাপি দি এখন আহোম সাম্ৰাজ্য গঢ়ি আহিবলৈ ধৰিলে। এই যুগত বিপুল প্ৰাচীন কছাৰী ৰাজশক্তিৰ লগত আহোমৰ সংঘৰ্ষ হয়, আৰু তাৰ ফলত আহোমে কছাৰীক পোনতে দিখৌৰ আৰু তাৰ পাছত ধনসিৰিৰ পছিমলৈ ঠেলি নি শেষত কছাৰী ৰাজধানী ডিমাপুৰৰ পৰা মাইবঙলৈ তুলি নিবলৈ বাধ্য কৰে। এতিয়া মোগলবিলাকে তেওঁলোকৰ