পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শেষ মধ্যযুগৰ অগ্ৰীয়া সাহিত্য ৰামায়ণ অসমত কিছুকাল প্ৰচলিত থকা বাবে বাল্মীকি ৰামায়ণত নোহোৱা শ্ৰীৰামচন্দ্ৰৰ দুৰ্গোৎসৱৰ অকালবোধন আৰু ভগবতী পূজা আদি অসংখ্য “ মামুলি" কথা বহুতে সচা বুলি ধৰে। কিন্তু প্ৰচলিত বাল্মীকি ৰামায়ণত নথকা দুই এটা কথা মাধৱ কন্দলীৰ পদ খামায়ণ আৰু ৰঘুনাৰ কথা-ৰামায়ণ উভয়তে কেনেকৈ সোমাবলৈ পালে, তাকহে বিচাৰ কৰিব লগীয়া; ঘাইকে মাধৱ কন্দলীয়ে মুলত নোহোৱা কোনো কথা লিখা নাই বুলি ডাঠি কৈছে যেতিয়া সেই সময়ত প্ৰচলিত বাল্মীকি ৰামায়ণৰ বিভিন্ন পাঠৰ কৰাত সি নিশ্চয় আছিল। কৃত্ৰিবাসে বাল্মীকি ৰামায়ণ নপঢ়াকৈ তাত নথকা কথা লিখা বুলি নিষ্মেই কৈছে- “কৃত্তিবাস পণ্ডিত বিদিত সৰ্বলোকে। পুৰাণ শুনিয়া গীত ৰচিলা কৌতুকে॥ নাহিকে ইসৱ কথা বাৰ্মীকি বচনে। বিস্তাবিত লিথিল অদ্ভুত ৰামায়ণে॥" মাধৱ কন্দলী আৰু ৰঘুনাথ উভয়তে থকা কিন্তু বৰ্তমান প্ৰচলিত বাল্মীকি ৰামায়ণ পিঠত নথকা তেনে এটি কাহিনী অযোধ্যাকাণ্ডৰ (৩৫ অধ্যায়) পৰা দিয়া হল- “মৃগ হেতু লক্ষ্মণ চলিল অন ভিতি। শুগৰে থাকিলা ৰাম সীতায়ে সহিতি॥ অনেক হৰিষ ভৈল ৰামৰ শৰীৰে। সীতাৰ উৰুত শিৰে শুইলা নদীতীৰে। লক্ষ্মণ গৈলন্ত যেৱে মৃগ মাবিবাক। সীতাৰ সমিতে বৃক্ষভালে পৰি কাক॥ সীতাৰ ৰূপক দেখি কাক ভৈল ভোল। এক ডেৱ কৰি গৈয়া চাপিলেক কোল॥ বাঘৱৰ অতিশয় নিদ্ৰাক দেখিয়া। সীতাৰ হনত পৰিলেক ঝাম্প দিয়া। তন মাঝে গোসানীক কৰিলেক ঘৰ। ক্ৰোলিত সীতা মাৰ কম্পে হাতপাৱ॥ কোপে-শোকেসী দেবী কঙ্গন কিল। ৰামৰ শীৰ সৱে লোকে ভৰিল॥ সীতাৰ আগত কাকে কেলি কৰে বৰে। থপা মুক্তি দিয়া বেগে হন মাকে পৰে॥ মাবিবে নপাৰে সীতা কন্দিল বহুত। জাগিয়া দেখিলা ৰাম দশৰথ-সূত॥ সীতৰ তনৰ মাঝে বহয় কধিব। ক্ৰোধিলন্ত বামে দেখি নসহে শৰীৰ॥ নগণিয়া ৰামক সীতাক প্ৰহাৰ্য। পুনু পুনু হাৰিয়া নত পৰয়॥ ক্ৰোধিয়া বোলন্ত বাম লৈবোহো পৰাণ। মন্ত্ৰ পঢ়ি মাৰিলেক ঈষিকৰ বাণ॥ ইন্দ্ৰৰ নয় কাক অতি বৰ থল। শৰে খেদি নোয় পলায় গগন মণ্ডল॥" ১৯১০ ত হৰিশ দেৱ গোস্বামী আৰু ধৰ্ম্মদ লহকৰৰ দ্বাৰা প্ৰকাশিত “দেৱজিত নামৰ এখন পুথি বেটুপাতত মাধৱ কন্দলী বিবচিত বুলি হলা হৈ ওলাইছিল। পুথিৰ মূল কথা হ’ল ইন্দ্ৰই এটা যন্ত্ৰ পাতি তালৈ ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰকো নিমন্ত্ৰণ কৰিলে, কৃষ্ণক সেই যজ্ঞৰ প্ৰধান দেৱতা পাতি উপাসনা কৰিবলৈ নাৰদ মুনিয়ে পৰামৰ্শ দিলে; ইন্দ্ৰই