পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৩
শেষ মধ্যযুগৰ অসমীয়া সাহিত্য


প্ৰহলাদ"ৰ ঠাইত প্ৰহ্লাদ' এনেও আছে। আৰম্ভৰ পৰাই ইয়াৰ বৰ্ণনাৰ বিশেষত্ব লক্ষ্য কৰিব লগীয়া। সৱশেহত প্ৰহ্লাদ আবু হিৰণ্যকশিপুৰ ঈশ্বৰ- বাদ-নিৰীশ্বৰবাদৰ যি তৰ্ক হয়, সি জীৱন্ত :—“হিৰণ্যাক্ষে বোলে অৰে সুনৰে বৰ্ব্বৰ।" ইত্যাদি (অধ্যয়ন, ৯৪-৯৮)।

 এনে বৰ্ণনাৰ উপৰিও ঠায়ে ঠায়ে একো শাৰী শঙ্কৰদেৱ-মাধৱদেৱৰ ৰচনাৰ দৰে প্ৰবচনৰ উপযোগী: “হৰি ৰক্ষা কৰে জাক মাৰে তাক কোনে।” “মোহোৰ বংশত উপজিলা ধুমকেতু।" আচাৰত ভিন্ন হৰি বিচাৰত এক।” ইত্যাদি।

 এনে ৰচনাৰে প্ৰায় তিনশত বছৰৰ পূৰ্ববৰ্তী হেম সৰস্বতী শঙ্কৰদেৱৰ অতি সুযোগ্য পূৰ্বকবি বুলিব লাগিব। “হেম সৰস্বতি ভনে এড়ি আন কাম। পাতক চাৰোক ডাকি বোলা বাম ৰাম॥” “হেম সৰস্বতি, ৰচিলা সম্প্ৰতি, ডাকি বোলা হৰি হৰি॥” আদি বৈষ্ণৱ ভণিতাৰ বাহিৰে পুথিখনত প্ৰক্ষিপ্ত অংশ বিশেষ নাই যেন অনুমান হয়। “প্ৰহ্লাদ চৰিত্ৰ’’ৰ বাহিৰেও হিৰণ্যকশিপুৰ মৃত্যুৰ পৰা ধৰি হৰগৌৰী-সম্বাদ নামে হেম সৰস্বতীৰ আন এখন পুথি পোৱা হৈছে৷

দুৰ্লভনাৰায়ণৰ আমোলৰ আন এজন কবি মহাভাৰতৰ অশ্বমেধ পৰ্ব্বৰ অন্তৰ্গত “বব্ৰুবাহ-পৰ্ব্ব’’ৰ অসমীয়া পদ-ভাঙনি কৰোঁতা হৰিহৰ ৰিপ্ৰ। ’বব্ৰুবাহ-পৰ্ব্ব’ৰ- ভণিতাত কবিয়ে আত্ম-পৰিচয় এইদৰে দিছে—


জয় জয় নৃপবৰ, দুৰ্লভনাৰায়ণ ৰজা, কামাখ্যা গোসানী দেন্ত বৰ॥

সপুত্ৰ-বান্ধৱে নিতে, সবান্ধৱে মনোনীতে, জীৱন্তোক সহস্ৰ বৎসৰ॥

তাহান ৰাজ্যতে গত, সৰ্বজন মনোনীত, অশ্বমেধ পদমধ্যে সাৰ॥

বিপ্ৰ হৰিহৰ কবি, হৰিৰ চৰণ সেৱি, পদবন্ধে কৰিলো প্ৰচাৰ॥" ২০৯।


কিন্তু এই ভণিতাৰে পাঠান্তৰত বহুত প্ৰভেদ পোৱা হয়—

“জয় জয় নৰপতি, দুৰ্লভনাৰায়ণ ৰজা, কামপুৰে ভৈলা বীৰবৰ।

সপুত্ৰ-বান্ধৱে যেৱে, সুখে ৰাজ কৰন্তোক জীৱন্তোক সহস্ৰ বৎসৰ।

তাহান ৰাজ্যত থিত, সাধুজন মনোনীত, অশ্বমেধ বিৰচিত সাৰ।

বিপ্ৰ হৰিহব কই, গৌৰীৰ চৰণ সেই, পদবন্ধে কৰিলোঁ প্ৰচাৰ॥”

 এই দুই পাঠান্তৰৰ ভিতৰত প্ৰথমটোৰ “কামাখ্যা গোসানী" আৰু দ্বিতীয়টোৰ গৌৰীৰ চৰণ সেই (সেৱি)” পাঠখিনিৰ পৰা ৰজা আৰু কবি