পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭২
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


নৌকাত চৰিয়া ব্ৰহ্মপুত্ৰে উজাইলন্ত। কতোদিনে আপোনাৰ ৰাজ্যক পাইলন্ত॥

ঘোৰাঘাটে গৈয়া পাছে নৌকা চপাইলন্ত। তাম্ৰধ্বজে শনিলেক পিতৃ আসিলন্ত॥

লেঙ্গামাগুৰিক লাগি সৱে লৈয়া গৈল। ব্ৰহ্মপুত্ৰে উজাই চৈধ্য দিনে গৈয়া পাইল॥

আশীজন ৰাইচা তাহান লগে দিলা। বিদ্যুত সঞ্চাৰে তেতিক্ষণে চলি গৈলা॥

বাৰ দিনা অন্তৰে পাইলন্ত উজাই। চণ্ডীবৰ মহামতি আছা সেহি ঠাই॥”

ইয়াৰ পৰা অনুমান কৰিব পাৰি দুৰ্লভনাৰায়ণৰ ৰাজধানী গৌড় নগৰ ৰংপুৰ জিলাত সম্ভৱ তিষ্টা আৰু কৰতোয়া নদীৰ মাজত আছিল; গতিকে নাৱেৰে উজাই ব্ৰহ্মপুত্ৰইদি সাধাৰণভাৱে চৈধ্য দিনৰ আৰু কোবা-কুবিকৈ গলে বাৰ দিনৰ মূৰত কমতাপুৰৰ ঘোৰাঘাট পাইছিলগৈ। এই ঘোৰাঘাট শঙ্কলাদিৱৰ কাহিনীতো ফিৰদৌছিৰ শ্বাহনামাত আৰু ফেৰিষ্টাৰ বুৰঞ্জীত আফ্ৰছিয়াবৰ উল্লেখেৰে প্ৰসিদ্ধ; ইয়াক চৰিত-পুথিৰ লিপিকাৰৰ প্ৰমাদৰ “ঘৰঘাটে” লিখাকে টানি-টুনি কৰা “ঘৰৰ ঘাট” অৰ্থ ব’জা পাণ্ডিত্যৰ বৰাই মাত্ৰ, ঘাইকৈ যি হেতুকে কমতাৰ ৰজাই ঘোৰা-ঘাটত নানামি ’ঘৰৰ ঘাট” বিচাৰি নাযায়।

ৰামদিয়া আৰু বৰপেটাৰ দুখন পুথি চাই অত্যধিক প্ৰমাদৰ বাবে বৰপেটাৰ পুথি এৰি ৰামদিয়াৰ পুথিৰ পৰাই ১৯২৩ ত কালিৰাম মেধিয়ে ‘প্ৰল্হাদ চৰিত্ৰ' ছপাই উলিয়াইছিল। জ্বলজ্বল-পট্ পট্, ওলাই থকা লিপিকাৰৰ অসংখ্য ভুলেৰে ছপা হোৱাত, তাৰ মাজৰ পৰা পুথিখনৰ আখৰ-জোটনিত প্ৰাকৃতৰ প্ৰভাৱ বিচাৰি উলিওৱা বিড়ম্বনা মাত্ৰ। “কেহো সুখী কেহো দুখী বহুত অন্তৰ। কেহো কাকো বাৱে কেহো কৰয় নফৰ॥" সম্পাদকে তেওঁৰ পাতনি’’ত এই ইছলাম মূলৰ “নফৰ” শব্দটোৰ পৰা কবিয়ে “মুছলমানসকল গৌড়ত সোমোৱাৰ বহু আগে প্ৰহলাদ চৰিত্ৰ লিখিছিল বুলি মনে নধৰে” বুলি লিখিছে; এই মতেও হেম সৰস্বতী অন্ততঃ ত্ৰয়োদশ শতিকাৰ কবি। বামন পুৰাণৰ পৰা কবিয়ে এই পদ-ভাঙনি কৰিছে : আখৰ-জোটনিৰ কথা এৰিলেও, পুথিখনৰ ভাষা অৱশ্যে প্ৰাচীনগন্ধী।

“কীৰ্ত্তন’’ৰ অন্তৰ্গত “প্ৰল্হাদ চৰিত্ৰ’’ৰ বৰ্ণনাৰ লগত ইয়াৰ ভাষাগতই নহয় ভাবগত পাৰ্থক্যও যথেষ্ট মন কৰিব লগীয়া আছে। বৰ্ত্তমান পুথিখনিৰ লিপিকৰণৰ কাল ১০ মাঘ, ১৭৬৯ শক; পদ-দুলড়ি মঠ ১০০ ফাকি; পুথিৰ আখৰ-জোটনিত প্ৰকৃতৰ “শষোঃ সঃ’’ সূত্ৰ সংৰক্ষিত বুলি সম্পাদকে সেইদৰে কৈছে, আৰু 'খ'ৰ ঠাইত 'ষ' “ৱি’’ৰ ঠাইত বি’’, মই'ৰ ঠাইত 'মঞি',