সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী

আৰু, মহীপাল (৯৭৪ – ১০২৬ খৃঃ) আদিৰ ৰাজত্বত এওঁলোক জীৱিত আছিল৷ তেনেহলে অলপ মুকলিকৈ ধৰিলে, সপ্তমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত এই দোহাবোৰ ৰচিত হৈছিল বুলিব পাৰি। সৰহৰ ৰচিত মুঠ চাৰিটি গীতৰ এটি :-

২২৷ ৰাগ গুঞ্জৰী - সৰহপাদানাম্

 অপনে ৰচি ৰচি ভৱ নিৰ্বাণা।
অহ্মে ণ জানহু অচিন্ত জোই।
জইসো জাম মৰণ বি তইসো।
জা এখু জাম মৰণে বিসঙ্কা।
জে সচৰাচৰ তিঅস ভমন্তি।
জামে কাম কি কামে জাম।
|

   

মিছে লোঅ বন্ধাব এ অপনা॥
জাম মৰণ ভৱ কইসণ হোই॥
জীৱন্তে মইলে’ নাহি বিশেসো॥
সো কৰউ ৰস-ৰসানেৰে কঙ্খা॥
তে‍ অজৰামৰ কিমপি ন হোন্তি‍॥
সৰহ ভণতি অচিন্ত সো ধাম॥

অসমীয়া অক্ষৰানুবাদ

আপুনি ৰচি ৰচি ভৱ-নিৰ্বাণক।
আমি নজানোহোঁ অচিন্ত্য যোগীয়ে।
যাদৃশ জনম (হেৰা) মৰণো তাদৃশ।
যাৰ অত জন্ম মৰণৰ বিশঙ্কা।
যি সচৰাচৰ (হায়) ত্ৰিদশ ভ্ৰময়।
জন্মত কৰ্ম কি কৰ্মত জন্ম।
|

   

মিছাতেই লোকে‍ বান্ধিব আপোনক॥
জন্ম-মৰণ-ভৱ কেনেনো হোৱে॥
জীৱন্তে (বা) মৰিলে (বা) নাই বিশেষ॥
সি কৰক ৰস ৰসায়ণাকাঙ্খা॥
তেৱোঁ অজৰ অমৰ একোৱে’ নোহয়॥
সবহে ভণয় অচিন্ত্য সি ধৰ্ম॥

 ইয়াৰ মূল তত্ত্ব, ভৱ আৰু নিৰ্বাণৰ দ্বৈত জ্ঞান ভ্ৰান্তিমূলক; কিয়নো ভৱৰ স্বৰূপ-জ্ঞান জন্মিলেই চিত্ত নিৰ্বাণত আৰোপিত হয়। তত্ত্ব-বিচাৰত ভৱৰ কোনো অস্তিত্ব নাই, ই ৰজুত সৰ্প দেখাৰ দৰে অবিদ্যা-বিমোহিত চিত্তৰ অলীক অনুভূতি মাত্ৰ; অথচ এই দৃশ্য জ্ঞানৰ বাবেই আমি ভৱৰ বন্ধুৱা। ভৱৰ যদি অস্তিত্বই নাই, তাৰ ধ্বংস হব কৰ পৰা? এতেকে জন্ম-মৃত্যুৰ কথাও বিভ্ৰম মাত্ৰ। যাগ-যজ্ঞ বা তন্ত্ৰ-মন্ত্ৰ কৰি স্বৰ্গলৈ গলেও জানো অজৰ- অমৰ হব পাৰি? ভোগৰ শেষত সংসাৰলৈ নামি পুনৰ জন্ম-মৃত্যুৰ বাটত অহা-যোৱা কৰিবই লাগিব। এতেকে জন্মৰ পৰা কৰ্ম নে কৰ্মৰ পৰা জন্ম, এনেবোৰ তৰ্ক বিড়ম্বনা; কিয়নো “ন জায়তে ন ম্ৰিয়তে কিঞ্চিদত্ৰ জগত্ৰয়ে। ন চ ভাববিকা-ৰাণাং সত্তা ক্কচ ন বিদ্যতে॥” (যোগবাশিষ্ঠ)।

 হৰপ্ৰসাদ শাস্ত্ৰীৰ মতে প্ৰথম আৰু ঊনত্ৰিংশ দোহাৰ বৌদ্ধ কবি লুইপাদেই