পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯
আদি মধ্যযুগৰ অসমীয়া সাহিত্য

ষোড়শ শতিকাৰ অসমীয়া বৰগীত আৰ, সেই কালৰ মৈথিলী ব্ৰজবুলি গীতলৈ মনত পেলায়। মুঠতে, অকল বাহিৰৰ ৰূপতো এই বৌদ্ধ দোহাবোৰ অসমীয়া কবিতাৰ বাবে অতি আদৰ্শনীয়।

 ভাবৰ ভালৰ পৰাও এই গীতবোৰ অতি গুৰুত্বপূৰ্ণ। পৰবৰ্তী অসমীয়া বৰগীতৰ দৰেই ইয়াৰ প্ৰত্যেক খণ্ড-ৰচনাই বিবিধ দাৰ্শনিক তথা আৰু তত্ত্বপূৰ্ণ আলোচনা : মহাযান, সহজযান আদি বৌদ্ধমতবোৰ যোগ আৰু তান্ত্ৰিক মতবাদ আদিৰে ভৰা। “সৰ্বং অনিত্যম্ সৰ্বং অনাত্মম্ নিৰ্বাণং শান্তম"—এয়ে বৌদ্ধ ধৰ্মৰ মূলতত্ত্ব, আৰু ইয়াতেই শূন্যবাদৰ উৎপত্তি। বাসনাৰ নিবৃত্তি বা অহং ভাবৰ বিলোপ সাধনেই নিৰ্বাণ; এই নিৰ্বাণ বা মোক্ষ লাভেই দুখ-নিৰোধৰ প্ৰকৃষ্ট উপায়। সহজযানৰ অদ্বৈতবাদেই সৰহখিনি দোহাৰ প্ৰতিপাদ্য বিষয়, আৰু ই গুৰুমুখী বিদ্যাৰ ওপৰতেই প্ৰায়ে হেচা দিছে; যোগ-সাধনমূলক দোহাও তাকৰ নহয়।

 ৰাহুল সাঙ্কৃত্যায়নে সেই চৌৰাশী সিদ্ধ আৰু তাৰ ভিতৰতে এই বৌদ্ধ কবিসকলৰ নাম, জাত, দেশ আৰ ৰজাৰ চিনাকি দিছে; কিন্তু সেইবোৰ একেবাৰে সম্পূৰ্ণ বা সঠিক বুলিব নোৱাৰি। উদাহৰণস্বৰূপে, তেওঁ লিখিছে, চৌৰাশী সিদ্ধমে প্ৰথম পুৰষ সবহ হি হ্যায়।....পূৰ্বদিশমে ৰাজ্ঞী নগৰমে ব্ৰাহ্মণ বংশমে ইনকা জন্ম হুৱা থা।...নালন্দামে কেতনা বৰ্ষতঃ বাস কিয়া... সৱৰপাদ ইনকা প্ৰধান শিষ্য থা। কৈ তান্ত্ৰিক নাগাৰ্জুন ভি ইনকা শিষ্য থা। ...তাঞ্জুৰ গ্ৰথমে ইনকা বত্ৰিশ গ্ৰন্থকা অনুবাদ মিলতা হ্যায়। সব বজ্ৰযান।" তিব্বতীয় জাৰ্মান আৰু অন্যান্য গ্ৰন্থত গইনা লৈয়েই ৰাহুল সাঙ্কৃত্যায়নে এই কথা লিখিছে সঁচা; কিন্তু এই “পূৰ্বদিশমে ৰাজ্ঞীনগৰ’’ ক’ত তাৰ নিৰ্ণয় দিয়া নাই। গুৱাহাটীৰ ষোল মাইল দখিণে থকা ৰাজ্ঞী বা ৰাণী নামৰ পুৰণি ঠায়েই সৰহ বজ্ৰৰ জন্মস্থান বুলি বহুতৰ বিশ্বাস, আৰু তেতিয়া হলে কামৰূপেই সেই পূৰ্ব-দিশ” বা “প্ৰাচ্য-দেশ” নিশ্চয়।

 সৰহ বজ্ৰৰ কাল সম্পৰ্কে ৰাহুল সাঙ্কৃত্যায়নে লিখিছে, “ইন সিদ্ধকি কবিতাকি ভাষা আঠমি সে বাৰহমি শতাব্দীকি ভাষা হ্যায়”; কিন্তু সুনীতি- কুমাৰ চট্টোপাধ্যায়ৰ মতে এই বৌদ্ধ দোহাবোৰৰ ভাষা ৯৫০-১২০০ খৃষ্টাব্দৰ ভিতৰৰ। কিন্তু এই বিষয়ৰ শেষ নিৰ্ণয় হব এই বৌদ্ধ কবিসকলৰ দিনৰ ৰজাৰ কালৰ পৰা; আৰু জয়কান্ত মিশ্ৰৰ মতে সেই সময়ৰ ৰজা ধৰ্মপাল (৭৯৬- ৮o৬ খৃ: কিন্তু কিছুমানৰ মতে আঃ ৬৩৩ খৃ:), দেৱপাল (৮০৯-৪১ খৃঃ)