পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
আদি মধ্যযুগৰ অসমীয়া সাহিত্য

আয়ো আহিছে, দাসীয়ে কান্দিছে আইৰ চৰণত পৰি।
নাকান্দিবি দাসী, আইৰ উঠে হাসি তুলি যাম যশস্যা কৰি॥
আগত ভবানী পাছতে গোসানী, মাজত মহামায়া আই।
তিনি ভগবতী হ'ল একে মতি দুখীয়াৰ মাননি পাই॥

ইয়াৰ “তিনি ভগৱতী" বা “তিনি আই’’ৰ ঠাইত আন আন গীতত আইৰ সাত ভনী” বা “সাত আই" বৰ্ণনা দিয়া হৈছে:—

উজাই আহিল আইৰ সাত ভনী সাতালি পৰ্বত জুৰি।
তৃণ-তৰু-লতা সৱে দোঁৱায় মাথা আই আহিবৰ শুনি॥
উজাই আহিল আইৰ সাত ভনী, লুইতত মাৰিল খেৱা।
ভয় নকৰিবা, ভয়াতুৰ নহবাঁ, আয়ে কৰি যাব দয়া॥
উজাই আহিল আইৰ সাত ভনী, বালিতে পাতিল সভা।
গোপিনীসকলে গাবকে নোৱাৰে আয়ে লগাই দিয়া ঘোষা॥
উজাই আহিল আইৰ সাত ভনী, নাৱত গুটিফুলৰ টোৰা৷
গুটিকৈ আনিছে, মুঠিকৈ বিলাইছে, অচিনকৈ মনিছৰ পৰা॥
উজাই আহিলে আইৰ সাত ভনী, বালিতে খপিলে ৰাতি।
একোকে নাজানি অজলা ঘাটৈয়ে লগাইছে সুগন্ধি বাঁতি।৷
উজাই আহিল আইৰ সাত ভনী, বালিতে পাতিল বাসা।
প্ৰাণীৰ বিকল দেখি আই ভগৱতী' আপুনি লগাইছে ঘোষা।৷

 হাফট্ ইক্লিমৰ টোকাত যে ‘আই" গুহাবাসিনী বা পৰ্বতবাসিনী এই সম্পৰ্কেও ভালেখিনি নাম পোৱা হয়:—

কামাখ্যা কামিনী মাতা পাষাণ ৰূপিণী।
নীলাচলে নিবাসিনী হিমালয়-বাসিনী
কাল-নিবাৰিণী কালী প্ৰচণ্ডা চণ্ডিকা।
চৰণতে পৰি কান্দো, ৰাখোক অম্বিকা॥

 যদিও এই নামবিলাক “আই নাম", “শীতলা নাম", "কালী গোসানীৰ নাম”, “দুৰ্গা গোসানীৰ নাম” আদিত ভগাব পাবৰি, সি অনাৱশ্যক; কিয়নো স্বৰূপতে একে পাৰ্বতীকে এই বিভিন্ন নামেৰে যে সেৱা কৰা হৈছে, তাকো এনেবোৰ নামৰ পৰাই সহজে ধৰিব পাৰি—

শীতলা মাতৃক আমি কাতৰ কৰোঁ।   অনুগ্ৰহ কৰা মাতৃ চৰণত ধৰোঁ৷।