পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী

কৈলাসত আছিলাঁ চামুণ্ডা গোসানী, তোমাৰ নাম আছিল সতী।
স্বামীৰ ভাগ নেদেখি প্ৰাণকো ত্যাজিলাঁ, ইজন্মত হলাঁ পাৰ্বতী॥
দুৰ্গাই সুধিছে  মোৰ ইষ্ট গুৰু  পৰাণীৰ কি গতি হব৷
তিৰিয়ে-পুৰুষে  লবাঁ দুৰ্গা নাম,  বিঘিনি ভটিয়াই যাব॥
ইফালে বিদ্যা-আই, সিফালে লক্ষ্মী আই, মাজত বিশ্বেশ্বৰী আই।
তিনিও বাই-ভনী আহে একেলগে  ৰাইজৰ পূজা-বলি পাই॥
শিৱৰে জন্টাতে আছিলাঁ গঙ্গা মাৱ  গণেশৰ বৈমাতা তুমি।
তোমাৰ নামৰে অনেক মহিমা  দুৰ্গতি-নাশিনী তুমি॥

 সাধাৰণতে বসন্ত-ৰোগৰ প্ৰতিষেধকৰূপে গোৱা এই আই-নামবোৰ মূলত তান্ত্ৰিক ধৰ্ম প্ৰভাৱৰ যে সন্দেহ নাই; মাত্ৰ বিচাৰৰ বিষয়, কেতিয়া কেনেকৈ ইহঁতৰ জন্ম হল। এই গীতবোৰত পিচলা নৈৰ নাম ঘাইকৈ পোৱা হয় :—

পিচলাৰ ঘাটতে আয়ে পানী তোলে তামৰে কলসী লৈ।
ছঅঁৰা বামুণে চণ্ডী-পাঠ কৰিছে ভৱানীক আগতে থৈ॥
পিচলাৰ ঘাটতে আয়ে স্নান কৰে লাহৰ কেশতাৰী মেলি।
যাউতিযুগীয়া আইৰ শৰণীয়া, পৰলৈ নিদিবাঁ এৰি॥

 ই বৰ লাগতিয়াল। ১৮০০ খৃষ্টাব্দত লিখা ৱেডৰ বুৰঞ্জীত এই নৈখনৰ বিশেষ বিৱৰণ আৰু ইয়াৰ পাৰত থকা আন আন নগৰৰ ভিতৰত ফুল-বাৰীৰ উল্লেখ কৰিছে। ফুলবাৰীৰ নামো এই তান্ত্ৰিক গীতবোৰত উজ্জ্বল হৈ অছে :

নাজানি-সোমালোঁ আইৰ ফুলবাৰী, নিচিনি ছিঙিলোঁ কলি।
ইবাৰৰ দোষকে ক্ষমিবা ভৱানী, মাতোঁ চৰণত ধৰি।৷
আইৰ পাৱ-মচা কপাহী গামোচা আইৰ কলিকটা পিৰা৷
বৰ আয়ে পাঁচিছে, সৰু আই আহিছে ফুলবাৰী নগৰৰ পৰা।৷

পিচলা আৰু ফুলবাৰীৰ লগতে আৰু এক উল্লেখ পোৱা হয় টুনী নৈৰ –

বৰ নৈৰ মুখতে নাও ভৰা দিছে, টুনী নৈৰ মুখলৈ চাই।
সতৰাই তুলিবাঁ আই ভগৱতী, জীৱই বৰ দুখ পায়॥

 এইখিনি প্ৰমাণে নিৰ্ভুলভাৱে এটা সিদ্ধান্তলৈ আঙুলিয়ায়, সেয়ে হৈছে একালৰ প্ৰৱল প্ৰতাপী বাৰভূঞা ৰাজ্য সদৌ উত্তৰ লখীমপুৰ আৰু তাৰো প্ৰধান কেন্দ্ৰ নাৰায়ণপুৰৰ ফুল-বাৰীত উত্তৰৰ কামাখ্যা স্বৰূপে আই-পূজাৰ পূৰ্ণ পয়োভৰ আছিল; আৰু অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অনেক আগতে এই গীতবোৰ ৰচিত