পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬৮
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


লোকৰ এই মাজুলিৰ নিচিনা, প্ৰকৃতিৰ কোলাত নৃ-তত্ত্বৰ আৰু সমাজৰ বুকত ভাষা-তত্ত্বৰ যাদুগৰ স্বৰূপ, অসম নাটক-উপন্যাসৰ চিত্ৰ-বিচিত্ৰ সজুলিৰ ঘৰ। কিন্তু আটায়ে দেখি আচৰিত মানে, ইমানৰ সত্বেও অসমীয়া নাট্যকাৰ ঔপন্যাসিক আদি শিল্পীসকল এই বিষয়ত উদাসীন আৰু নিৰ্বিকাৰ, যেন অসমীয়া সাহিত্য-শিল্পীসকল চৰিত্ৰ-অঙ্কনৰ নতুন পৰিস্থিতিত লাজকুৰীয়া, আৰু যেন তেওঁলোকে সমস্যাতঙ্ক ৰোগ ভোগ কৰিছে। অকল প্ৰাকৃতিক বা ভৌগোলিক পৰিস্থিতিয়েই নহয়, ইতিহাসেও পৰ্বত-ভৈয়ামক চিৰকাল এক কৰি ৰাখিছিল; অথচ লক্ষ্মীনাথৰ ডালিমী বা পদ্মনাথৰ জিনু নামৰ একেজনী নাগিনী ছোৱালীৰ চৰিত্ৰ, ৰজনীকান্তৰ পানেই জঙ্কি আদিৰ বাহিৰে অসমীয়া সাহিত্যই আপোন কৰি লোৱা পৰ্বতীয়া জাতীয় চৰিত্ৰ এতিয়ালৈকে ইমান বিৰল। সেই দৰেই যি চাহ-বাগিচাৰ বাবেই অসম বিদেশীৰ ওচৰত প্ৰথম পৰিচিত, সেই চাহ-বাগিচাৰ জীৱন লৈয়েনো কেইখন অসমীয়া নাটক-উপন্যাস এতিয়ালৈকে ৰচিত হৈছে? অথচ দুৰ্গাপ্ৰসাদৰ “মহৰি’’ নাটকেই নেদেখুৱায় নে তেনে বিষয়ৰ কেনে বিতোপন নাটক অসমীয়াত লিখা হব পাৰে?

 কিন্তু এনে বিষয়ৰ নাটক-উপন্যাস চুটি-সাধু আমাক লাগে বুলি লিখনী ধৰিলেই আমাক লগা-নাটক-উপন্যাস চুটি-সাধু নোলায়; আৰু সামাজিক জীৱনৰ প্ৰতিচ্ছবি যন্ত্ৰৰ সহায়েৰে লোৱা প্ৰতিকৃতিও নহয়, , শিল্পীৰ মনৰ ভিতৰেদি সমাজৰ গভীৰ অধ্যয়ন আৰু সহানুভূতি উমনিত তাৰ জনম হব লাগিব। সেয়ে নহলে তেনে চৰিত্ৰবোৰ গৰাকিৰ হাতৰ পুতলাৰ দৰে লৰচৰ কৰে, কিন্তু সমাজৰ লোকৰ দৰে জীৱন্ত নহয়। উদাহৰণ স্বৰূপে, জ্যোতিপ্ৰসাদৰ নাটকৰ নায়কেবোৰ তেওঁৰ দৰেই দুঃসাহসিক আৰু নায়িকাবোৰ তেওঁৰ কথা-ছবিৰ নায়িকাবোৰৰ দৰে নৱ-প্ৰয়াসী: কিন্তু সমাজত তেনে লোক বিৰল। দৈৱচন্দ্ৰৰ “বিপ্লৱ’’ত যেতিয়কে জমিদাৰৰ বিৰুদ্ধে সফল অভিযান কৰিলে; কিন্তু অসম বিশেষভাৱে খেতিয়কৰ দেশ, জমিদাৰৰ নহয়। আনৰ হোৱা মাটিত নদন-বদন শস্য কৰিবলৈ চোৱাতকৈ আমাৰ ছন পৰি কটুৰ হৈ থকা মাটি অলপ দুখ কৰি চাহ নকৰোঁহঁক কিয়? বুদ্ধিৰ জোখ-কাঠি সুবিধা নহয়, সাহসহে।

 বৰ্ত্তমান নাটক-উপন্যাস চুটি-সাধুত নাঙঠ বৰ্ণনাও বিনা-মেঘে বজ্ৰপাত যে নহয়, উল্লিখিত “সাধনা" উপন্যাসেই তাৰ প্ৰমাণ। যোৱা দেঢ়কুৰি বছৰত এই নাঙঠ-বৰ্ণনাই বাস্তৱবাদৰ নামত এনেবোৰ সাহিত্যৰ সঙ্কেত-বাক্যৰ দৰে হল; আৰু ফ্ৰয়েদ মোপাছাঁ