পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬৭
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


গায়ক নহয়, গায়ক সকলো সাধাৰণতে কবি নহয়; ততোধিক বেজাৰ লগা কথা, খোৰাই কণাক নিজ চকুৰ আৰু কণাই খোৰাক নিজ ভৰিৰ সুবিধা দিব নোখোজ।

 এই কাল ছোৱাৰ নাটক, উপন্যাস আৰু চুটি-সাধুৰ বৰঙণিতো সেইদৰে নতুনতকৈ উত্তৰ-নৱন্যাস যুগৰ লেখকসকলৰ ভাগ বিশেষ। নাটকৰ বিষয়ে এই কালছোৱাত বঙলা নাটকৰ ভাঙনি ৰঙ্গমঞ্চৰ পৰা একেবাৰে উলিয়াই খেদা হল বুলি গৌৰৱ কৰা হয়; পাছে সেইটোৱেই যথেষ্ট নহয়, তাৰ ঠাইত কি দিয়া হল সেইহে ঘাই কথা। ইয়াৰ আগত দ্বিজেন্দ্ৰলাল আদিৰ লেখৰ নাটকবোৰ ভাঙনি কৰি অভিনয় কৰা হৈছিল আৰু তাৰ পৰা ৰঙ্গমঞ্চই শিক্ষামূলক গুণ যথেষ্ট যোগাইছিল। ভাবহে সাহিত্য, ভাষা সাহিত্য নহয়; এতেকে ৰঙ্গমঞ্চৰ সেই শিক্ষামূলক গুণ অটুট ৰাখিবলৈ হলে তেনে গঠনমূলক আৰু শিক্ষাপ্ৰদ ভাব যোগাব পৰা নাটক লাগে। শূন্য যিমানেই বৃহৎ হওক, তথাপি সি শূন্যই।

 আগৰ দৰেই এই কালছোৱাতো সামাজিক আৰু সমস্যামূলক নাটকৰ আধিপত্য হীন; পৌৰাণিক আৰু ঐতিহাসিক নাটকবোৰো প্ৰায় গতানুগতিক। পুৰাণ আৰু ইতিহাস মৃত কথা-পিণ্ড; সেই দূৰ অতীতক অদূৰ ভবিষ্যতৰ অগ্ৰদূত পাতিব লাগিব আজিৰ নাট্য সাহিত্যই, আৰু তাকে কৰিবলৈ হলে সেই মৃত নায়ক-নয়িকাবোৰক নিজ সৃজনীমূলক প্ৰতিভাৰে নতুনকৈ জীৱন্ত আৰু প্ৰাণবন্ত কৰিব পাৰিব লাগিব। এই বিষয়তো আৱশ্যকীয় মৌলিক শক্তিৰ অভাৱ বুলিব নোৱাৰি; অভাৱ হৈছে সেই শক্তি প্ৰয়োগৰ আৰু সেই নাট-উপন্যাস কলাৰ প্ৰতি এক শৰণৰ। সামাজিক আৰু সমস্যামূলক নাটক লিখাৰ আৰম্ভণ আগতেই হৈছে; পাছে সি এতিয়াও সেই আৰম্ভণতে আছে। বুদ্ধিমান আৰু সাহসী জ্যোতিপ্ৰসাদে তথাকথিত বাস্তব, প্ৰকৃততে নৱন্যাসমূলক, নাটকৰ চেষ্টা কৰিছিল; তেওঁ যথেষ্ট সময় নাপালে। মিত্ৰদেৱ যথেষ্ট বুদ্ধিমান আছিল, কিন্তু সেই বুদ্ধিৰ অপব্যয় ঘটিল। অতুলচন্দ্ৰৰ জোখতকৈ লেখৰ চিন্তা; নকুলচন্দ্ৰৰ অধ্যয়নৰ আৰু দৈবচন্দ্ৰৰ একাগ্ৰতাৰ অভাৱ। প্ৰতিনিধিমূলকভাবে এই সকলৰ উল্লেখ কৰা হৈছে। পাদ-প্ৰদীপৰ দৰে কথা-ছবি আৰু আকাশ-বাণীৰ বাবে সম্প্ৰতি কিছুমান নাটক লিখা হৈছে; সেইবোৰৰ সৰহ ভাগতে স্থায়ী সাহিত্যিক মূল্যতকৈ আধুনিকতম কল-কৌশল বুদ্ধি-কিটিপৰ দাবী সৰহ!

 ভাৰতবৰ্ষৰ পূৰ্ব সীমান্ত প্ৰদেশ আৰু পৰ্বতীয়া আৰু জনজাতিৰ মাজত ভৈয়ামৰ