পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬৯
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


তেওঁলোকৰ ইষ্ট দেৱতা স্বৰূপ হল। দেৱতাৰ দৰে শিশুৰ বিষয়তো, আমি জানো, নাঙঠ গুণ ঘৃণনীয়তকৈ পূজনীয়হে হয়, যদি সি পাপ-বৰ্জিত হয়। শঙ্কৰদেৱৰ “কীৰ্ত্তন’’ৰ “হৰমোহন" “ৰাসক্ৰীড়া’’ত নাঙঠ বৰ্ণনা যথেষ্ট আছে, কিন্তু সি শ্ৰেষ্ঠ ধৰ্মশাস্ত্ৰ; গতিকে নাঙঠ গুণ থকা-নথকা লৈ বিচাৰ নহয়, বিচাৰ হয় লেখকে তাক কিভাৱে ব্যৱহাৰ কৰিছে। খহতা জীৱন আৰু মৃত্যুৰে মোপাছাঁ ভাৰতীয় সাহিত্য শিল্পীৰ আদৰ্শ হব লগা পুতৌৰ কথা সন্দেহ নাই;কাম আৰু লোভেই যাৰ পৰিচালক তেনে নৰ-পশুৰ মাজত বাস কৰা দুৰ্ভাগ্যৰ বাবেই যে মোপাছাঁৰ শক্তিৰ এনে অপব্যৱহাৰ ঘটিছিল তাক পাহৰিৰ নালাগে।

 জীৱিত সাহিত্যই সদায় জীৱনৰ পৰাই পোনে পোনে পোষা মেলে;আৰু জীৱন মানে সুস্থ স্বাভাবিক জাতীয় জীৱন বুজিব লাগিব। এই নতুন নাটক-গল্প চুটি-সাধু লেখকবিলাকৰ বৰ্ণনাৰ জনতা সুস্থ অসমীয়া সমাজ নহয়, অসমীয়া সমাজৰ মানসিক ক্ষয়-ৰোগগ্ৰস্ত বিজতৰীয়া এটা ক্ষুদ্ৰ অংশমাত্ৰ। এনে ভেজাল নোহোৱা ভাৰতীয় তথা অসমীয়া সমাজৰ চিত্ৰ আঁকিবলৈ ললে তেওঁলোক দোহোৰ-মোৰত পৰে; কিয়নো সেই সমাজে তেওঁলোকক প্ৰকৃততে আকৰ্ষণ কৰা নাই আৰু সেইদেখি তেওঁলোকৰ জীৱন-দৰ্শন বুজিবলৈ তেওঁলোক অপাৰগ হৈ পৰে। নিম্ন মধ্যবিত্ত অসমীয়া সমাজৰ সমস্যা সমাধান আদি দেখুৱাবলৈ যত্ন কৰিও গভীৰ অধ্যয়ন আৰু আন্তৰিকতাৰ অভাৱত তেওঁলোক বিফল হব লগাত পৰে; কিয়নো বুদ্ধিক যিমানেই শানত দিযা হওক, অন্তৰে চাকি নিকা নকৰিলে সাহিত্যৰ মৌ বিতৰণৰ উপযোগী নহয়। লক্ষ্মীনাথ শৰতচন্দ্ৰ আদিৰ উপৰি উত্তৰ-নৱন্যাসৰ লেখক মহীচন্দ্ৰৰ “মিতাৰ মৰম” আদি সাধুত অসমীয়া নিম্ন মধ্যবিত্ত সমাজৰ চিত্ৰ ধৰা পৰে।

 পদ্যতকৈ গদ্য সদায় পৰবৰ্তী আৰু যত্নসাধ্য। “অৰুনোদই” যুগৰ পৰা বাঁহী’’ৰ যুগলৈকে গছাল লেখকসকলৰ যত্নত অসমীয়া গদ্যৰ যি ৰীতি সুৱলা হৈ চলি আহিছে, উত্তৰ-নৱন্যাসৰ লেখক সূৰ্য্যকুমাৰ আৰু বেণুধৰ আদিৰ ঐতিহাসিক প্ৰাঞ্জলতা, বাণীকান্ত আৰু ডিম্বেশ্বৰ প্ৰভৃতিৰ কবিত্বসুলভ কমনীয়তা, জ্ঞাননাথ আৰু নীলমণি আদিৰ যুক্তি-নীতিমূলক ৰচনাৰে সি ধাৰ-নিছিগা সোতেৰে বৈ আহিছিল। কিন্তু তাৰ পাছৰ লেখকসমূহৰ ভাষা-চৰ্চ্চাৰ অভাৱৰ বাবে অসমীয়া গদ্যৰ নিমজ গতিৰ ঠাইত খহতা স্বভাৱ ধৰা-পৰা হৈছে; কিয়নো পদ্যৰ দৰে গদ্য আবেগ প্ৰকাশ মাত্ৰ হব নোৱাৰে। লক্ষ্মীনাথৰ “শঙ্কৰদেৱৰ”(১৯১১) পাছত ডিম্বেশ্বৰৰ “জিলিঙনিয়ে” (১৯৩৮) অসমীয়া সাহিত্যৰ কবিত্ব-সূলভ সৌন্দৰ্য্য আৰু বাণীকান্তৰ পুৰণি সাহিত্যই (১৯৪২) তাৰ পাণ্ডিত্যপূৰ্ণ ব্যাখ্যা দাঙি ধৰে। কিন্তু সম্প্ৰতি সাহিত্য-সমালোচনা উদ্দণ্ড; ইংৰাজী সাহিত্য

সমালোচনাৰ অ'ৰ ত’ৰ দুফাকি কথা তুলি দিব পাৰিলেই বাটৰ বাটৰুৱাও অসমীয়া

২৪