পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৬
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


দাসৰ সম্পাদিত “বিশ্ববাৰ্ত্তা"; ১৯১২ত নগাঁৱৰ পৰা চন্দ্ৰ বৰুৱা সম্পাদিত “আসাম হেৰাল্ড” আৰু ডিব্ৰুগড়ৰ পৰা ভোলানাথ গোহাঁই সম্পাদিত মাহেকীয়া “আসাম ৰায়ত", আৰু ১৯১৪ত “ৰণৰ বাতৰি" ওলায়। ১৯১৬ জানুৱাৰীত কলিকতাৰ পৰা সৰবৰহী শিশুপাঠ্য মাহেকীয়া অকণ”, ১৯১৮ত ডিব্ৰুগড়ৰ পৰা চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিষ্ঠিত সাদিনীয়া “অসমীয়া", তাৰ পাছত যোৰহাট প্ৰশিক্ষণ বিদ্যালয়ৰ আলোচনী “প্ৰভাত", ১৯১৯ ত গুৱাহাটীৰ “ইচলামি আখৰৰ" প্ৰকাশিত হয়। ১৯১৯ত গুৱাহাটীৰ পৰা অম্বিকাচৰণ ৰায় চৌধুৰী সম্পাদিত মাহেকীয়া “চেতনা”, ১৯২০ত ৰজনীকান্ত বৰদলৈৰ সম্পাদিত মাহেকীয়া “অসম-প্ৰদীপিকা”, ১৯২১ত নাৰায়ণচন্দ্ৰ বৰুৱাৰ সম্পাদিত আসাম কৃষ”, ১৯২২ত দৈবচন্দ্ৰ তালুকদাৰ, শুকদেৱ গোস্বামী আৰু ডিম্বেশ্বৰ নেওগ সম্পাদিত অসম ছাত্ৰ সম্মিলনৰ প্ৰথম মুখপাত তিনিমহীয়া “জন্মভূমি’’, আৰু সিংহদত্ত গোস্বামী আৰু পদ্মধৰ চলিহাৰ সম্পাদিত পষেকীয়া “অৰ্ঘা”, ১৯২৩ পৰা যথাক্ৰমে গৰ্গ-নাৰায়ণ চৌধুৰী, ডিম্বেশ্বৰ নেওগ, বিনন্দচন্দ্ৰ বৰুৱা, অতুলচন্দ্ৰ হাজৰিকা আদি সম্পাদিত অসম ছাত্ৰ সম্মিলনৰ দ্বিতীয় মুখপাত তিনিমহীয়া “মিলন’’, ১৯২৩ত ৰঘুনাথ চৌধাৰীৰ সম্পাদিত শিশুপাঠ্য মাহেকীয়া আৰু ধুবুৰীৰ বড়ো সম্প্ৰদায়ৰ মুখপাত “বিবাৰ", ১৯২৪ ত মহম্মদ ছালেহ সম্পাদিত অসম মুছলমান ছাত্ৰ সম্মিলনৰ মুখপাত্ৰ সাধনা", নিগমানন্দ স্বামী সম্পাদিত “আৰ্য্যদৰ্পণ” আৰু তপেশচন্দ্ৰ বাগচীৰ প্ৰকাশিত “জাগৰণ”, ১৯২৫ত কমলাকান্ত ভট্টাচাৰ্য্য, দুৰ্গাধৰ বৰকটকী আদি সম্পাদিত কলিকতাৰ ভূদেৱ প্ৰকাশক মন্দিৰৰ পৰা ওলোৱা “আসাম হিতৈষী", নাৰায়ণচন্দ্ৰ বৰুৱাৰ সম্পাদিত “খেতিয়ক”, আৰু যথাক্ৰমে চন্দ্ৰধৰ বৰুৱা, দেৱানন্দ ভৰালী, ডিম্বেশ্বৰ নেওগ আদিৰ সম্পাদিত “অসম সাহিত্য সভা পত্ৰিকা”, ১৯২৬ত মহাদেৱ শৰ্মাৰ সম্পাদিত শিশুপাঠ্য মাহেকীয়া “অকণ”, কীৰ্ত্তিনাথ খাখলাৰীৰ কছাৰী সমাজৰ মুখপাত “প্ৰভাতী", ছাদিৰ হুছেনৰ সম্পতি “জননী”, মহেন্দ্ৰনাথ ভট্টাচাৰ্য্যৰ “কাৰবাৰ আৰু কাৰবাৰী”, কনকচন্দ্ৰ শৰ্মাৰ “পশুপালন”, যোৰহাট ৰাজ্যপালন বিদ্যালয়ৰ জেউতি”, শুক্লেশ্বৰ বৰাৰ সম্পাদিত কৈৱৰ্ত্ত সমাজৰ মুখপাত “সেৱা”, তোষেশ্বৰ ঢেকিয়ালৰ পষেকীয়া “সত্যবাদী’’ ওলায়। ১৯২৭ত তৰুণচন্দ্ৰ ভট্টাচাৰ্য্যৰ সম্পাদিত “ইন্টাৰ নেশ্যনেল টাইমছ”, গৌৰীনাথ শাস্ত্ৰীৰ “প্ৰান্তবাসী", ১৯২৮ত তীৰ্থনাথ গোস্বামীৰ “সন্তপ্ৰদীপ”, ছোলাইমান খাৰ “প্ৰচাৰক”, কমলালয়া কাকতী