পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৫
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


চলোৱাৰ পাছত ই একেবাৰে লুপ্ত হয়। ১৮৯০ৰ শেষ ভাগত কৃষ্ণপ্ৰসাদ দুৱৰা, পদ্মনাথ বৰুৱা আৰু বেণুধৰ ৰাজখোৱাৰ সম্পাদকত্বত কলিকতা-প্ৰবসুৱা অসমীয়া ছাত্ৰৰ এটি দলৰ পৰা প্ৰায় “জোনাকী’’ৰ প্ৰতিদ্বন্দী ৰূপে এই কাকত তিনি বছৰমান চলি লুপ্ত হব খোজে; ১৯০২ত শ্বিলঙৰ পৰা লক্ষ্মীনাথ শৰ্মাৰ সম্পাদকত্বত আকৌ ইয়াৰ কেইসংখ্যামান ওলাই ই একেবাৰে লুপ্ত হয়। ১৮৯৪ সেপ্তেম্বৰত কালীৰাম বৰুৱাৰ সম্পাদিত ইঙ্গ-অসমীয়া সাদিনীয়া “আসাম-তৰা” প্ৰকাশিত হৈ অলপ দিন মাত্ৰ চলে। ১৮৮৫ৰ জানুৱাৰীত ডিব্ৰুগড়ৰ পৰা ৰাধানাথ চাংকাকতীৰ সম্পাদিত সাদিনীয়া ইংৰাজী বাতৰি কাকত “টাইমছ্ অব্ আসাম” ওলাই ৬০ বছৰৰ সৰহ কাল চলি এতিয়া লুপ্ত হৈছে। কমলাকান্ত ভট্টাচাৰ্য আদিৰ যত্নত প্ৰতিস্থাপিত তেজপুৰৰ আসাম ছেন্ট্ৰেল প্ৰেছৰ পৰা “আসাম-বন্তি” ১৯০০ত ইঙ্গ-অসমীয়া সাদিনীয়া কাকত ৰূপে ওলায়; মথুৰামোহন বৰুৱা, জয়দেৱ শৰ্ম্মা আদি সম্পাদকৰ পাছত সেই প্ৰেছ আৰু কাকত পদ্মনাথ বৰুৱাৰ হাতলৈ আহি ১৯৩০ৰ আগলৈকে এই কাকত চলে। ডিব্ৰুগড়ৰ পৰা বশস্বদ মিত্ৰৰ সম্পাদিত “ইষ্টাৰ্ণ হেৰাল্ড" ১৯০২ত আৰু কালিনাথ ৰায়ৰ সম্পাদিত “ছিটিজেন” ১৯০৪ ইংৰাজী বাতৰি-কাকত ৰূপে ওলাই যথাক্ৰমে ১৯০৪ আৰু ১৯০৬ত লুপ্ত হয়। গুৱাহাটী ভিক্টৰিয়া প্ৰেছৰ পৰা মথুৰামোহন বৰুৱা সম্পাদিত “এড্ ভোকেট অব আসাম” ইংৰাজী বাতৰি কাকত ওলাই ১৯১২ত লুপ্ত হয়। ডিব্ৰুগড়ৰ পৰা ১৯০৫ত কৃষ্ণচন্দ্ৰ বৰুৱাৰ পৰিচালিত “আসাম ক্ৰনিকল” অলপ দিনৰ বাবে আৰু বেপটিষ্ট মিস্যনৰ “দীপ্তি” ১৯০৭ লৈকে চলে; ১৯০৭ত তেজপুৰৰ পৰা পদ্মনাথ বৰুৱাৰ সম্পাদিত মাহেকীয়া আলোচনী “উষা” ওলাই কেইবাবছৰৰো চলে।

 ১৮৩১ শকৰ (১৯০৯ খৃঃ) আঘোণত লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদিত “বাঁহী’’ ১৯১৯ মানলৈকে কলিকতাৰ পৰা আৰু তাৰ পাছত ডিব্ৰুগড় আৰু গুৱাহাটীৰ পৰা ওলায়; এই শতিকাৰ চতুৰ্থ দশকৰ পৰা সম্পাদক সলনি হৈ পঞ্চম দশকলৈ ই ওলাই থাকে। ১৯১০ৰ কাতিত ডিব্ৰুগড়ৰ পৰা পোনতে প্ৰসন্নকুমাৰ বৰুৱা, পাছত দুৰ্গানাথ চাংকাকতী, নীলমণি ফুকন আদিৰ সম্পাদিত হৈ “আলোচনী" ওলাই ১৯১৭ৰ পাছত লোপ পায়; এই একে বছৰৰ একে মাহতে তেজপুৰ বান্ধৱ-সমিতিৰ পৰা তাৰানাথ চক্ৰবৰ্তীৰ সম্পাদিত “আসাম-বান্ধৱ” ওলাই ১৯১৬ লৈকে চলে। ১৯১১ ত উত্তৰ লখীমপুৰৰ পৰা নীলকণ্ঠ বৰুৱা সম্পাদিত “কবিতা-লতা” আৰু ঢাক্কাৰ পৰা কালিৰাম