পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৭
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


আৰু কনকলতা চলিহাৰ সম্পাদিত তিৰুতা সমাৰ মুখপাত ঘৰ-জেউতি’’, ‘কটন কলেজিয়েট স্কুল্ মেগেজিন’; ১৯২৯ ত বিপিনচন্দ্ৰ বৰুৱাৰ গল্পছিৰিজ্, যথাক্ৰমে শিৱপ্ৰসাদ বৰুৱা আৰু নীলমণি ফুকনৰ সম্পাদিত সাদিনীয়া “বাতৰি", আৰু মেচপাৰা জমিদাৰ নগেন্দ্ৰনাৰায়ণ চৌধুৰীৰ পৃষ্ঠপোষকতাত দীননাথ শৰ্মাৰ সম্পাদিত “আৱাহন” ওলায়। ১৯৩০ ৰ পাছতো এইদৰে বহুত কাকত প্ৰকাশিত হৈছে।

 আনুষ্ঠানিক চেষ্টাৰ ভিতৰত আমেৰিকাৰ বেপটিষ্ট মিস্যন্ সমাজৰ চেষ্টাই সৱাৰো শিৰত। তেওঁলোকৰ আবেদন-নিবেদন আৰু ওজৰ আপত্তিৰ মূৰত সকলো বিষয়ৰ অনুসন্ধান কৰিবলৈ ১৮৫৬ত মটাফট মিলছক পঠায়, আৰু এওঁ মিস্যনেৰীৰ বাহিৰেও ঢেকিয়াল ফুকন আদিৰ মতামত বিবেচনা কৰি অসমীয়া পুনৰ স্কুল-আদালতৰ ভাষা হব লাগে বুলি এওঁৰ প্ৰতিবেদনত স্পষ্ট লিখে। তথাপি বঙলা ভাষাৰ ঘোলা কণীৰ ওপৰতো কুৰি বছৰ তেতিয়াৰ বঙ্গীয় ছৰ্কাৰে উমনি দিয়াৰ পাছতহে, মহানুভৱ দুৱলীয়া লাট ছাৰ জৰ্জ কেম্বেলে ১৮৭৩ ৰ ১৯ এপ্ৰিলত অসমীয়া ভাষাক পুনৰ নিজ আসনত অভিষিক্ত কৰিলে। কিন্তু বিধতাই দিলেও তিৰুতাই নিদিয়াৰ দৰে আৰু জ্বৰে এৰিলেও কৰ্পটীয়ে নেৰাৰ নিচিনাকৈ অপহুতা-অসুৰা তলতীয়াবোৰে আৰু ভালেমান বছৰ আপদ চোচৰাই আছিল। কিন্তু ৰমেশচন্দ্ৰ দত্ত আদি সুপণ্ডিতৰ মত আৰু উচ্চ আদালতৰ আদেশ অনুযায়ী অসমীয়া ভাষাৰ অপায়-অমঙ্গল আঁতৰিল। ছাৰ জৰ্জ কেম্বেলৰ আদেশ মতে অসমীয়া পুথিৰ ৰচনাৰ বাবে দিওৱা বঁটা, আৰু কটন, আৰ্গ, গৰ্ডন আদিৰ পৃষ্ঠপোষকতা আদিৰ বাহিৰেও দেশীয় ভালেমান অনুষ্ঠানে অসমীয়া ভাষাৰ উন্নতিৰ হকে মৰিপৰি লাগিছিল। ১৮৫৮ ৰ ১৩শ বছৰৰ “অৰুনোদই”ত প্ৰকাশিত পূৰ্ণানন্দ শৰ্মাৰ জাননী আৰু ইয়াৰ প্ৰথম সংখ্যাত ওলোৱা “আচাম দেশ-হিতৈসিনি সভাৰ সাৰ সংগ্ৰহ’’ প্ৰৱন্ধৰ পৰা ১৭৭৭ শকৰ ২৪ আঘোণত শিৱসাগৰত প্ৰিয়লাল বৰুৱাই এই সভা পাতে বুলি বুজিব পাৰি। আকৌ ১৮৮৮ৰ ২৫ আগষ্টত কলিকতাৰ ৩৭নং মিৰ্জাপুৰ ষ্ট্ৰীটত কলিকতা-প্ৰবসুৱা অসমীয়া ছাত্ৰৰ বহাত বহা অসমীয়া ভাষাৰ উন্নতি-সাধিনী সভাৰ প্ৰথম অধিবেশনৰ ঘোষণাৰ পৰা তাৰ উদ্দেশ্য আদি সুন্দৰকৈ বুজিব পাৰি; ১৮৯০ত এই সভাৰ পৰা অসমীয়া ভাষাৰ এখনি সুন্দৰ তালিকা প্ৰকাশিত হয়। যোৱা শতিকাৰ এই শেষ দশকতে কলিকতাত আকৌ অসমীয়া ছাতৰৰ সাহিত্য সঙ্ঘ বুলি এটি নতুন অনুষ্ঠান পতা হয়; আৰু ইয়াৰ শাখা ১৯০১ ত গুৱাহাটীত,