পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৪
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


মানলৈকে চলে আৰু এই বছৰতে শিৱসাগৰ মিস্যন প্ৰেছ বেচা হয়। আসাম বিলাসিনী” ১৮৭১ত আউনিআটি সত্ৰাধিকাৰ দত্তদেৱ গোস্বামীৰ যত্নত মাজুলিৰ ধৰ্মপ্ৰকাশ যন্ত্ৰৰ পৰা মাহেকীয়াকৈ ওলাই ১৮৮৩ মানৰ পৰা ওলাবলৈ এৰে; ইয়াক ১৯১৩ মানত যোৰহাটৰ পৰা আকৌ উলিওৱা হৈছিল, কিন্তু সৰহ কাল নিটিকিল। ১৮৭২ত “আসাম মিহিৰ” চিদানন্দ দাসৰ সম্পাদিত হৈ গুৱাহাটীৰ চিদানন্দ প্ৰেছৰ পৰা ওলোৱা প্ৰথম সাদিনীয়া বাতৰিকাকত; ১৮৭৩ ত ই ওলাবলৈ এৰে। “আসাম দৰ্পণ" ১৮৭৪-৭৫ত তেজপুৰৰ বিশ্বনাথৰ পৰা লক্ষ্মীকান্ত বৰকাকতীৰ সম্পাদিত হৈ মাহেকীয়া ৰূপে ওলাই অলপ দিনহে হলে। ১৮৭৫-৭৬ত বিজ্ঞান সাহিত্য আৰু ধৰ্ম সম্পৰ্কীয় দুখন কাকত কলিকতাত ছপা হৈ নগাঁৱৰ পৰা ওলাই অলপ দিনহে চলে। “গোৱালপাড়া হিতসাধিনী’’ সাদিনীয়া কাকতো ১৮৭৬-৭৮ত অলপ দিন চলে; নগাঁৱৰ দিহিঙ্গীয়া গোসাঁয়ে ধৰ্মৰ বিষয়ে “চন্দ্ৰোদয়” মাহেকীয়া কাকত ১৮৭৬ ত অলপ দিন চলায়, আৰু ১৮৭৬ত গুৱাহাটী চিদানন্দ প্ৰেছৰ পৰা “আসাম-দীপক'’ মহেকীয়া কাকত ওলাই এবছৰমান চলে।

 আসাম নিউচ” ইঙ্গ-অসমীয়া সাদিনীয়া কাকতৰূপে প্ৰতঃৰণীয় হেমচন্দ্ৰ বৰুৱা সম্পাদিত আৰু ফুকন-বৰুৱা ব্ৰাদাৰ্ছৰ দ্বাৰা গুৱাহাটীৰ পৰা প্ৰকাশিত হয়; সেই কালতে ন শ মান গ্ৰাহক পোৱা সত্বেও ১৮৮৫ৰ জুলাইৰ পৰা এই কাকত ওলাবলৈ এৰে। আসাম-বন্ধু" ১৮৮৫ত কলিকতাৰ পৰা স্বনামধন্য গুণাভিৰাম বৰুৱাৰ সম্পাদিত হৈ ওলায় আৰু ১৮৮ত ওলাবলৈ এৰে। “মৌ" কলিকতাৰ ১০০ নং বহুবজাৰ ষ্ট্ৰীটৰ পৰা দুজন বৰা-ভাই বলিনাৰায়ণ আৰু হৰিনাৰায়ণৰ যত্নত ১৮৮৬ ত ওলাই সেই বছৰতে লুকায়; ১৮৮৬ ত আউনিআটি সত্ৰৰ শ্ৰীধৰ বৰুৱাৰ সম্পাদিত “আসাম-তৰা’’ ওলাই ১৮৯০ সেপ্তেম্বৰত লুপ্ত হয়। গুণাভিৰামৰ বৰ পুতেক ষোল বছৰ বয়সীয়া কৰুণাভিৰাম বৰুৱাই প্ৰথম অসমীয়া শিশুপাঠ্য আলোচনী “লৰা-বন্ধু” ১৮৮৩ ত উলিয়ায়, আৰু দুসংখ্যাৰ পাছতেই লুপ্ত হয়। ১৮৮৯ ৰ ৯ ফেব্ৰুৱাৰীত চন্দ্ৰকুমাৰ আগৰৱালাই “জোনাকী” আলোচনী মাহেকীয়াকৈ উলিয়ায় আৰু দ্বিতীয়-তৃতীয় বছৰত যথাক্ৰমে হেম গোস্বামী আৰু বেজবৰুৱা ইয়াৰ সম্পাদক হয়; এইসকল দিহাদিহি অহাত কলিকতাৰ পৰা ই ওলাবলৈ এৰাত আষ্টে ১৯০১ ত ইয়াৰ দ্বিতীয় ছোৱা সত্যনাথ বৰা আৰু কনকলাল বৰুৱাই গুৱাহাটীৰ পৰা কেইবছৰমান