পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


দেখিয়েই ইয়াৰ বিষয়-বাচনিত বিশেষ নিপুণতাৰ প্ৰয়োজন। স্নেপ্ লোৱাৰ দৰে চুটি-সাধুৰ বাবে জীৱনৰ এনে এটি খণ্ড বাচি লব লাগে যাতে সেই খণ্ডৰ সামান্য পৰিসৰৰ ভিতৰতে চুটি-সাধুৱে নিজ পৰিণতি লভিব পাৰে। তদুপৰি খন্তেকীয়া আৰম্ভণি আৰু সামৰণিৰ মাজতে চুটি-সাধুৰ বিশেষ ধৰণৰ নাটকীয় গুণৰো সন্নিবেশ থাকিব লাগিব। উপন্যাসৰ দৰে ধীৰ মন্থৰ গতিত আৰম্ভ হবৰ সুবিধা ইয়াৰ নাই আৰু নায়ক-নায়িকাৰ দীঘলীয়া চিনাকিৰ ঠায়ো ইয়াত নাই; সেই বাবে চুটি-সাধুৰ পৰিণতি বা চৰিত্ৰ-বিকাশৰ বাবে প্ৰয়োজনীয় তাকৰীয়া ঘটনাকেইটি অতি আলফুলকৈ বাচি লব লাগে। উপন্যাসৰ দীঘ-বানিত ভালেখিনি সেৰেঙা থাকিব পাৰে আৰু ঔপন্যাসিকে প্ৰসঙ্গৰ বাহিৰৰ নানা কথা বা মন্তব্যৰেও সেইবোৰ পূৰাই লবৰ সুবিধা পায়; কিন্তু চুটি-সাধু ডাঠ কাপোৰবোৱা ৰাঁচ যেন ঘন হব লাগিব, বওঁতেও তাক সেইদৰে খুন্দি বব লাগিব। অকল ঠাই ঠেক বুলিয়ে নহয়; চুটি-সাধুত অপ্ৰাসঙ্গিক বিষয়ৰ অৱতাৰণা তাৰ কলালৈ বিধিবদ্ধ নহয় বুলি নিষিদ্ধও; ইয়াৰ যি ঠাইত আঁৰ কাপোৰ পৰিব, তাৰ ভিতৰতে ইয়াৰ স্বাভাবিক পৰিণতি আৰু পৰিসমাপ্তিৰ লক্ষণ এনেদৰে স্পষ্ট হব লাগিব যাতে পঢ়োঁতাৰ মনে তাক সমস্যা-সমাধানৰ বিৰাম-চিন বুলি মানি লবলৈ সাজু হয়৷ চৌধটা আখৰৰ চৌধটা শাৰীয়েই যেনেকৈ পদ্যত ছনেট নহয়, অক্টেভ-ছেষ্টেৎ আদি ভাবৰ বিভাগ আৰু পৰিণতি-সাধনৰ উপৰিও ছন্দৰ মিলৰ বিশেষ নানা গঢ় সম্পূৰ্ণ মিলিলেহে তাক ছনেট বুলি অভিহিত কৰিব পৰা হয়ঃ তদুপৰি জাহাজখন যোৱাৰ পাছতো তাৰ ঢৌৱে বৰ নৈৰ পাৰ খলক লগাই থকাৰ দৰে চৌধ শাৰীৰ ক্ষুদ্ৰ পৰিধিৰ ভিতৰতে ভাষাৰ শেষ হলেও যেনেকৈ পঢ়োঁতাৰ হৃদয়ত সি ভাবৰ হেন্দোলনি তুলি থাকে; সেইদৰে চুটি-সাধুৰ কলা-কৌশল যেনে কঠিন, তেনে বিচক্ষণ৷

 আন কেইবাটাও বিভাগৰ দৰে, ১৯০৯ জানুৱাৰীত “সুৰভি” আৰু ১৯১০ত “সাধুকথাৰ কুকি” আদিৰে বেজবৰুৱায়ে অসমীয়া চুটি-সাধুৰো সূত্ৰপাত কৰে। তাৰ পাছত ১৯১০ত “গল্পাঞ্জলি” আৰু ১৯২০ত “ময়না” পুথিৰে শৰৎচন্দ্ৰ গোস্বামীয়ে (১৮৮৭-১৯৪৭) চুটি-সাধুৰ কলাত বিশেষ যত্ন আৰু অধ্যয়নৰ চিন দেখুৱায়; ইতৰ প্ৰাণী আৰু ইতৰ সমাজৰ প্ৰতি সৰল সহানুভূতি এওঁৰ চুটি-সাধুৰ বৈশিষ্ট্য। ইয়াৰ পাছত শ্ৰীমহীচন্দ্ৰ বৰা আৰু তৎপৰবৰ্ত্তী চুটি-সাধুৰ লেখক বহুত ওলাইছে;