পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


নামৰ দীঘলীয়া কবিতাটি আৰু ১৯০০ত কণ কণ কবিতাৰ পুথি “জুৰণি” প্ৰকাশিত হয়। গদাধৰ, জয়মতী, সাধনী, লাচিত ফুকন নামৰ বুৰঞ্জীমূলক বিষয়ৰ বাহিৰেও এওঁ টেটোন তামুলী, গাঁওবুঢ়া, ভুত নে ভ্ৰম নামৰ কেবাখনো ধেমেলীয়া কথাৰ নাটক লিখে। ভাটি বয়সত এওঁৰ কৃষ্ণচৰিত আৰু গীতাসাৰ, আৰু আগবয়সত ‘নীতিশিক্ষা” “ভূগোল-দৰ্পণ” পাঠ্যপুথিও প্ৰকাশিত হয়। উপন্যাস বা নাটক, গদ্য বা পদ্য লিখাৰ ভিতৰৰ মূল্যতকৈও এওঁৰ উদ্যম আৰু সাহিত্যৰ পৰিসৰ-বৃদ্ধিৰ চেষ্টা অধিক প্ৰশংসনীয়; আৰু ভাব-চিন্তাতকৈ এওঁৰ ভাষাৰ পৰিপাটিতাহে ঘাইকৈ চকুত লগা। এওঁলোকৰ পাছত দণ্ডিনাথ কলিতা আৰু দৈবচন্দ্ৰ তালুকদাৰ আদিৰ উপন্যস-ৰচনাৰ চেষ্টা লেখৰ; কিন্তু আন আন বিভাগৰ দৰেই এই বিভাগতো লেখকসকলৰ নিজ কলা-বিদ্যাৰ চৰ্চা আৰু সামাজিক সমস্যাৰ অধ্যয়ন উভয়তে দৈন্য দুখ কৰিবলগীয়া; সাহিত্য-ৰচনা সাধাৰণতে মাত্ৰ আত্মা-সন্তুষ্টিমূলক বা সমাজ-নিৰপেক্ষ হব নালাগে যে ইংৰাজী বঙলা আদি আধুনিক উপন্যাসৰ আদৰ্শই এই বিষয়ত নিশ্চয় চেতনা জগাব লাগে।

 উপন্যাসৰ দৰেই চুটি-সাধুও ভাৰতীয় তথা অসমীয়া সাহিত্যলৈ ইউৰপীয়া সাহিত্যৰে অৱদান বুলিব লাগিব। বিভিন্ন হেতুত যেনেকৈ উপন্যাস পুৰণি সাধুৰ পৰা সুকীয়া,তেনে আন বিভিন্ন কাৰণতে চুটি-সাধু উপনাসৰ পৰা স্বতন্ত্ৰ; ওপৰে ওপৰে চালে, উপন্যাস নায়ক-নায়িকাৰ একোটা সম্পূৰ্ণ জীৱনৰ আৰু চুটি-সাধু তাৰ কোনো এছোৱাৰ বা কোনো অভিনৱ মুহূৰ্ত্তৰ চিত্ৰ; সেই বুলি উপন্যাসৰ একো ছোৱাই একোটা চুটি-সাধু হব নোৱাৰে। চুটি-সাধু নিজ ক্ষেত্ৰত আৰু নিজ পৰিধিৰ ভিতৰত স্বয়ং সম্পূৰ্ণ এটা বস্তু; ই উপন্যাসৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰ এক কলাবিদ্যা। সাধুৱেই উপন্যাসৰ আদি অৱস্থা বোলোতে যেনেকৈ সাধুৰ পৰা উপন্যাসৰ উদ্ভৱ বা উপন্যাসৰ উত্থানত সাধুৰ পতন এনে নুবুজায়, চুটি-সাধুৰ উদয়তো সেইদৰে সাধু বা উপন্যাসৰ বিলয় বা তেনে হব নোৱাৰে। অৱশ্যে কলাবিদ্যাৰূপে সাধুতকৈ উপন্যাসৰ লগতে চুটি-সাধুৰ সম্পৰ্ক ঘনিষ্ঠ; কিয়নো ই উপন্যাসতকৈও আধুনিক ইউৰপীয় আমদানি। তথাপি চুটি-সাধু বহুল আয়তনৰ উপন্যাসৰ সংক্ষিপ্ত সংস্কৰণ অৱশ্যে নহয়; উপন্যাসৰ লগত ইয়াৰ প্ৰভেদ অকল আকৃতিগতই নহয়,প্ৰকৃতিগতও।

 চুটি-সাধুত উপন্যাসৰ ব্যাপকতা আৰু আহল-বহল পৰিধি নাই; পোনতে এই