পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫১
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


এই সাধুবোৰ সাধাৰণতে দুটা শ্ৰেণীত ভগাব পাৰি। বেজবৰুৱা আৰু তেওঁৰ পাছতে গোস্বামীৰ চুটি-সাধুতো অসমীয়া সামাজিক আৰু গাঁৱলীয়া জীৱনে যথেষ্ট ঠাই পাইছিল; কিন্তু বৰ্তমান ক্ৰমে ক্ৰমে অসমীয়া চুটি-সাধুত সেই ঠাই চেপি কলেজীয়া ডেকা-গাভৰু বা ওখ চাকৰিয়ালৰ বিলাসী জীৱনে তাৰ সৰহখিনি অনধিকাৰ কৰিছে। ৰাজৰ্ষি টলষ্টয়ে তেওঁৰ “কলা কি”নামৰ গ্ৰন্থত মোপাছাৰ সাধুন ইন্দ্ৰিয়ালুতাৰ তীব্ৰভাৱে নিন্দা কৰিছে, কিয়নো তেওঁ সৰহখিনি সাধুত মানুহক কেৱল ইন্দ্ৰিয়াসক্ত অৰ্দ্ধ-পশুৰূপে ব্যৱহাৰ কৰিছে; এইবোৰৰ পিছফালে ঠিয় হৈ থকা মোপাছাৰ চেঙেৰা বয়স আৰু মদন-যঞ্জৰ ধোঁৱাৰে ধূৱলি-কুঁৱলী এক বিলাসী ফৰাছী সমাজো অৱশ্যে সামান্য জগৰীয়া নহয় বুলি টলষ্টয়ে উল্লেখ কৰিছে। অসমীয়া সাহিত্যতো মোপাছা বা তেনে শিক্ষালয়ৰ নামত নিজৰ বৰাহ-ৰুচি চৰিতাৰ্থ কৰাৰ বাসনাকে ঢাকিবলৈ বাস্তৱবাদ বোলা এটা শব্দও চলিছে; মানুহৰ পশুত্বই অৱশ্যে এই বাস্তৱবাদ। মানুহ অৱশ্যে এই পশুত্ব আৰু দেৱত্বৰ দোমোজাত, ইয়াৰ ভিতৰত কোনটো বৰণীয় বুলি ভবা হয়, তাৰ ওপৰতে সাহিত্যৰ আদৰ্শ নিৰ্ভৰ কৰে।

 হেমচন্দ্ৰ বৰুৱাৰ “কানীয়া কীৰ্ত্তন” আৰু কেফায়ৎউল্লাৰ ধেমেলীয়া কথাৰ নাট, বহুত খুত থকা হলেও এয়ে বৰ্ত্তমান অসমীয়া নাটৰ পাতনি। গুণাভিৰামৰ “ৰাম-নৱমী” আৰু ৰমাকান্তৰ “সীতাহৰণ” অৱশ্যে নিয়মিত নাটকৰ আৰম্ভণ। ইয়াৰ পাছত নগাঁৱৰ ৰুদ্ৰৰাম বৰদলৈৰ “বঙাল-বঙালনী” আৰু দেৱনাথ বৰদলৈৰ “হেমপ্ৰভা”, ৰত্নধৰ-ৰমাকান্ত-গুঞ্জানন-ঘনশ্যামৰ সম্মিলিত চেষ্টা “ভ্ৰমৰঙ্গ”, ডিব্ৰুগড়ৰ পূৰ্ণকান্ত শৰ্মাৰ (১৮৯৩) “হৰ-ধনু-ভঙ্গ” আৰু “হৰিশ্চন্দ্ৰ”, টিয়ক হৰেশ্বৰ শৰ্ম্মা বৰুৱাৰ “শকুন্তলা” আদি নাটক ওলায়। বিভিন্ন ভাগত আগতে উল্লেখ কৰা অৱস্থাতে এইসকলৰ বাহিৰেও আন কেবাজনেও এই অসমীয়া নাটৰ বিশেষ উৎকৰ্ষ সাধে।

 দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা (১৮৭০-১৯২৮) শিৱসাগৰ নগৰৰ ওচৰৰ শুকান-পুখুৰীত জন্মে। ১৮৯৫ ত এওঁৰ “উজুকবিতা", ১৮৯৯ত “ফুল” আৰু “লৰা-কবিতা” ওলায়। এই সময়তে এওঁ একেৰাহে গুৰু-দক্ষিণা” আৰু “বৃষকেতু’’ পৌৰাণিক নাটক, আৰু “নিগ্ৰো” আৰু “মহৰি”’ ধেমেলীয়া কথাৰ নাটক উলিয়ায়। আগৰ দুখনত পৌৰাণিক কাহিনী আৰু পিছৰ দুখনত সামাজিক চিত্ৰ আৰু চৰিত্ৰ-অঙ্কন যি নিপুণতাৰে কৰা হৈছে, তালৈ চাই মজিন্দাৰ বৰুৱাৰ সাহিত্য-প্ৰতিভা সমূলি উলাই