পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩৩
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


 হেমচন্দ্ৰ গোস্বামী (১৮৭২-১৯২৮) অসমীয়া নৱন্যাসৰ ত্ৰিমূৰ্ত্তিৰ তৃতীয়টি। ১৮৭২ৰ ৮ জানুৱাৰীত গোলাঘাট মহকুমাৰ এখন সৰু গাঁৱত তেওঁৰ জন্ম; পিতাক ডম্বৰুধৰ মৌজাদাৰ আৰু মাক ঘনকান্তি। এওঁৰ আঠ বছৰ বয়সতে এওঁৰে সৈতে দুটি লৰা আৰু এজনী ছোৱালী এৰি ডম্বৰুধৰ ঢুকায়; আৰু ইংৰাজী শিক্ষাৰ বাবে তেৰ বছৰ বয়সত এওঁ নগাঁৱলৈ যায়। ১৮৮৯ত তাৰ পৰা প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ প্ৰেছিডেন্সী কলেজত ভৰ্তি হয়গৈ; তাত চাৰি বছৰ পঢ়ি বি-এ ডিগ্ৰী লব নোৱাৰি ঘৰলৈ উলটি গুৱাহাটীৰ সোেণাৰাম ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হয়হি। তাৰ পাছত শ্বিলঙত চাকৰি বিচাৰি থাকি শেষত ছাৰ গেইটৰ লগত পৰিচিত হবৰ সুবিধা পাই তেওঁৰ অনুগ্ৰহত ১৮৯৭ত মাটি-হাকিম হয়। তাৰ পৰা মুন্সুফ কামলৈ উঠি ১৯২৫ ফেব্ৰুৱাৰীত সেই পদৰ পৰা আজৰি হৈ ১৯২৮ৰ ২ মেত গুৱাহাটীত তেওঁৰ মৃত্যু হয়। পঢ়াশলীয়া কালতে নগাঁৱত গুণাভিৰাম, ৰত্নেশ্বৰ, বলদেৱ, আদি সাহিত্যিকসকলৰ প্ৰভাৱত হেমচন্দ্ৰৰ সাহিত্য-প্ৰতিভা অঙ্কুৰিত হৈছিল আৰু তেতিয়াই ‘আসাম-বন্ধু”ত এওঁৰ শিশু-ৰচনা প্ৰকাশ পাইছিল। “জোনাকী’’, “বিজুলী”, “অসমীয়া ভাষাৰ উন্নতি-সাধিনী সভা” আদিৰে কলিকতীয়া অসমীয়া ছাত্ৰৰ সমাজত এওঁ এজন অগ্ৰণী আছিল; বিষয়া জীৱনত সোমায়ো পোনতে ১৯১২ অক্টবৰৰ পৰা ১৯১৩ৰ মাৰ্চলেকে পুৰণি পুথি সংগ্ৰহৰ বাবে চিফ কমিস্যনাৰ আৰ্চডেল আৰ্লৰ নিয়োগ মতে এওঁ কাম কৰে। কামৰূপ অনুসন্ধান সমিতি, অসম সাহিত্য সভা আদিৰ এওঁ এজন ঘাই কৰ্মী আছিল; আশুতোষ মুখোপাধ্যায়ৰ নিয়োগ মতে কৰা এওঁৰ “অসমীয়া সাহিত্যৰ চানেকি”ৰ বিপুল সংগ্ৰহ অসমীয়া সাউদ ভোলানাথ বৰুৱাৰ দানৰ ওপৰত কলিকতা বিশ্ববিদ্যালয়ে প্ৰকাশ কৰে। “হেমকোষ”, “পুৰণি অসম বুৰঞ্জী”, “কথা-গীতা” আদি পুথি সম্পাদন কৰি উলিওৱাৰ উপৰিও এওঁৰ নিজ কবিতাৰ থুপি “ফুলৰ চাকি” এওঁ ছপাই উলিয়ায়। মূল ছনেটৰ গঢ় ভাব আৰু আদৰ্শত ৰচা এওঁৰ “প্ৰিয়তমাৰ চিঠি” সকলো প্ৰকাৰে লাগতিয়াল⸺

“সৌন্দৰ্য্যৰ বুকৰ কাঁচলি উদঙাই,
প্ৰকৃতিৰ চো-ঘৰ চালোঁ পিত্ পিত্;