পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰশ্বাস তাশ। সৃষ্টি কৰাও নৱন্যাসৰ এটি সংজ্ঞা বুলিব পাৰি, আৰু এই সম্পৰ্কত এওঁৰ অনুপম ভ্ৰম” কবিতাটিলৈ লক্ষ্য কৰিব পাৰিঃ “কোনে কলে সেয়া বাঁহী বাজে বুলি, বনদেৱী গীত গায়; শেৱালীৰ মালা নহয় সিধাৰি, তবাৰে থিছে হায়।... কোনে কয়, সিটি, হৰিণা পোৱালি, ইমান চেতনা নাই; বনৰ সৌন্দৰ্য ৰূপ ধৰি আহি ডেও নি দুৱৰি যায়।"... জাতীয় গীত-কাৰ্যৰ (বেলে) প্ৰতি ঢাল লোৱা নৱন্যাসৰ যি লক্ষণ সি আগৰৱালাতকৈ বেজবৰুৱাৰ “বীণ-বৰাগী” কবিতাৰ বাহিৰেও “মালতী” “বৰ আৰু সৰু” “ধনবৰ আৰু ৰতনী” আদি অনেক কবিতাৰ আৰু গীতৰ ভিতৰেদি সুন্দৰকৈ প্ৰকাশ পাইছে। আগৰৱালাৰ বীণ-বৰাগীও অতি উচ্চ ভাব প্ৰকাশ হলেও, বেজবৰুৱাৰ বীণ-বৰাগীৰ সামৰণিটিয়ে যি মহত্ত্বৰ (ছব্লিমিটী) আহি দেখুৱাইছে সিও চূড়ান্তস্পৰ্শী : “গা বল গা, অমৃত সঙ্গীত, শুকানে মেল কুঁহি। মুখত এলাওক হাঁহি॥ বীণৰ বৰাগী দুখীয়া নহৰ তই। বীণতে বান্ধিছ অই। নমা ঐ, নমা ঐ, আকাশী অমিয় আকাশী গঙ্গাৰ দৰে। দে মোক, দে মোক, বৰাগী কই , পিওঁ মই নিছিয়া ধৰে৷ দাপিতি ছাালি নে ভাত। পুৰণি পৃথিবী নকই চাই লওঁ, হে বীণ, এষাৰি মাত।” আগৰৱালাৰ দৰেই বেজবৰুৱাও শিল্পীতকৈ কৰিহে আছিল, আৰু বীণ-বৰাগীৰ নিচিনা অতি ওখ শাৰীৰ কবিতাতো তেওঁৰ দুই খোৰাইছিল; অথচ ধল অহা সময়ত ব্ৰহ্মপুত্ৰই ডাঙৰ ডাঙৰ চাপৰি ঢাকি সকলো কাঠ-জাজি উটাই অনাৰ দৰে প্ৰেৰণাৰ মুহূৰ্তত ওপৰৰ দৰে তেওঁৰ কবিত্বই সকলো টোৱাই নিছে। মুঠতে প্ৰায় আধা শতিকা (১৮৮৮-১৯৩৮) বেজবৰুৱা বৰ্তমান অসমীয়া সাহিত্যৰ মুকুট-নিপিন্ধা সম্ৰাট আছিল; আৰু এই দৰে সুদীৰ্ঘকাল মহাপৰোভৰে অসমীয়া সাহিত্যৰ অধিনায়কত্ব কৰা ব্যক্তি বৰ্তমান সাহিত্যতে কিয়, শঙ্কৰদেৱৰ পাছত নাই বুলিলেও হয়। (অধ্যয়ন, ২১৯-২৩) আঁতৰি পলক, বৰাগী নহৰ, অনশন শা নতুন প্ৰাণ