কুকুৰা-ঠেঙীয়া এই আখৰ-কিটিত
যি অমিয়া ঘঁহা আছে, কতো আৰু নাই।
কবি-নিকুঞ্জত ফুলি কত কবিতাই
মলয়াত উটি উটি ফুৰে পৃথিৱীত;
তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত,
কবিতাৰ কাব্যে তাৰ গোন্ধকো নাপায়।
ফুল ফুলে, সৰি যায়, শুকায় বননি;
বসন্তৰ কুঁহিপাত ৰ'দত লেৰেলে;
তোমাৰ চিঠিয়ে, প্ৰিয়ে, জানে কি মোহনী,
নিতউ নোহাৱা বাহি ন ন ফুল মেলে।
যত সুঙ্গো, চুমা খাওঁ, নালাগে আমনি;
হৃদয়ত হেপাহৰ ভোটা তৰা জ্বলে।”
ইয়াৰ উপৰিও “কাকো আৰু হিয়া নিবিলাওঁ”, “কাকুতি” আদি কবিতাই অসমীয়া নৱন্যাসৰ গুটীয়া প্ৰেমৰ বিষয়ত বিশেষ বৰঙণি যোগাইছিল। “জোনাকী” কাকতক উদ্দেশ্য কৰিয়ে লিখা আন এটি কবিতা আগৰৱালাৰ “আশীৰ্বাদ” আৰু বেজবৰুৱাৰ “বীণবৰাগী"ৰ সামৰণিৰ দৰেই নৱন্যাসৰ উপৰিও মহত্ত্ব (ছাব্লিমিটী) গুণেৰে অলঙ্কৃত হৈ উঠিছে :
“গহীন দুপৰ নিশা নিতাল জগত, ক’তো নাই জোনাকৰ চিন;
নিমাত বিশ্বৰ বাঁহী নিজম চেতনা, সুৰ-ভুলা জীৱনৰ বীণ।...
কোনোবা দেশৰ পৰা ধীৰ সোত বলি, আহিছে এখনি জুৰ নই;
ৰিণিকি ৰিণিকি এটি নীৰৱ কবিতা, বাজিছে বুকত বই বই।...
দুটিমান জোনাকৰ সোণোৱালী ৰেখ লাহে লাহে ভৈয়াম নামিছে;
সৃষ্টি-পাতনিৰ সেই জীৱন্ত ছবিটি ঘূৰি আহি ভূমুকি মাৰিছে।
জিলিঙনি এটি আহি পদুম বনত সৰগৰ ৰহন ঢালিছে,
অকলশৰীয়া দুটি পদুম কলিয়ে চুমা খাই, হলিছে-জালিছে।...
বৰষা অনন্ত কাল জ্ঞানৰ পোহৰ জ্যেতিৰ্ম্ময়ী জোনাকী সবিতা;
বজোৱাঁ অনন্ত কাল পঞ্চমত তুলি, বীণাপাণি, কোমল কবিতা।”
ইয়াৰ গাম্ভীৰ্য্যৰ লগত আগৰৱালাৰ “বীণ-বৰাগী’’ৰ কবিতা তুলনীয়; “অসমীয়া