পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


এতিয়া বি-এল্ শেষ পৰীক্ষাত পাঠ্য-সুচীৰ বাহিৰৰ পৰা অনেক প্ৰশ্ন কাটি বহুত পৰীক্ষাৰ্থীক অকৃতকাৰ্য্য কৰাত কলিকাতাৰ বঙালী আৰু আন সকলো সহপাঠীৰ নেতা হৈ বিশ্ববিদ্যালয়ৰ ওপৰত হাই-কৰ্টত গোচৰ দাঙি ধৰি সেইদৰেই পঢ়াৰ সামৰণি পেলায়। কলিকতাত থকা কালতে মুন্সুফ দীননাথৰ সুযোগ্য পুত্ৰ লক্ষ্মীনাথক একাধিক বাৰ মুন্সুফ পদ যচাতো তেওঁ তাক প্ৰহণ নকৰি কলিকতাৰ বিখ্যাত অসমীয়া সদাগৰ ভোলানাথ বৰুৱাৰ লগত কাঠৰ কাৰবাৰ কৰিবলৈ লয়; অলপ দিন চলাৰ পাছত অলপ মনোমালিন্য হৈ ওলাই আহি বেজবৰুৱাই কলিকতাৰ বাৰ্ড কম্পেনীৰ ব্যৱসায়ত লগ লাগে, আৰু শেষত সম্বলপুৰলৈ গৈ তাত অকলে কিছুকাল কাঠৰ কাৰবাৰ কৰি শেষ কালত অসমলৈ ঘুৰি আহি ডিব্ৰুগড়ত আকৌ সেই ব্ৰহ্মপুত্ৰৰ পাৰতে ঢুকায়। দেখাতেই এওঁৰ জীৱন সুদঢ়, সাহিত্য-চৰ্চাৰ অনুকূল নাছিল; তাতে এওঁৰ কলিকতাৰ ঠাকুৰ পৰিয়ালত বিয়াবাৰু কৰাই ঘৰে-পৰে প্ৰতিকূল বঙালী সমাজতে জীৱন অতিবাহিত কৰিলে। অসমীয়াৰ সৌভাগ্যক্ৰমে এই প্ৰতিকূল অবস্থাবোৰৰ প্ৰতিক্ৰিয়াই দৃঢ়-মনা বেজবৰুৱাক অসমীয়া সাহিত্যৰ সেৱা কৰি অমৰ হবলৈ দুগুণ উৎসাহ আৰু উদ্গনিহে দিলে৷

 সাহিত্য-সেৱাৰ বাবে “জোনাকী” আৰু তাৰ সৰ্বহ, চন্দ্ৰকুমাৰেই এওঁৰ প্ৰথম প্ৰেৰণা বুলি “জীৱন সোঁৱৰণ’’ত বেজবৰুৱাই স্বীকাৰ কৰিছে। ১৮৮৯ জানুৱাৰীত ওলোৱা এই আলোচনীৰ প্ৰথম সংখ্যাতে বেজবৰুৱাৰ অসমীয়া পুৰণি সাধুৰ ওপৰত লিখা ধেমেলীয়া নাটক “লিটিকাই" আৰম্ভ হয় আৰু তাত ছোৱা-ছোৱাকৈ ওলোৱাৰ পাছত ১৮৯০ত পুথিৰ আকাৰে ওলায়; এই প্ৰথম চেষ্টাতে বেজবৰুৱাক অসমীয়া সাহিত্যৰ এজন শক্তিধৰ লেখক বুলি আটায়ে চিনি পালে। চাৰ্লছ ডিকেন্সৰ (১৮১২-৭০) পিক্উইক পেপাৰ্ছৰ দৰে লিখা বেজবৰুৱাৰ “কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা” ১৯০৪ত প্ৰকাশিত হয়, আৰু “লিটকাই”-তকৈও নতুন হাস্যৰসৰ এই ধুমুহাই বৰদৈচিলাৰ দৰেই গোটেই অসম জুৰি যায়; পিতাকৰ লগৰ পৰা আহি চন্দ্ৰকুমাৰে বেজবৰুৱা আৰু হেম গোস্বামীৰে কলিকতাৰ ২ ভৱানীচৰণ দত্ত লেনৰ মেছত থাকোঁতে গোস্বামীৰ সম্পাদকতাত ওলোৱা দ্বিতীয় বছৰৰ “জোনাকী’’তে পোনতে এওঁৰ এইবোৰ ৰচনাও লানি পাতি ওলায়। ১৯০৫ত ওলোৱা এওঁৰ উপন্যাস “পদুম-কুঁৱৰী”ও সেইদৰেই পোনতে এওঁ তেতিয়া নিজে সম্পাদক হৈ চলোৱা তৃতীয়