পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২৯
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


চন্দ্ৰকুমাৰত মিল্টনৰ কবিতাৰ এই আপুৰুগীয়া মহত্ত্ব (ছবলিমিটি} গুণ আৰু শ্যেলীৰ সেই বিদ্ৰোহী ভাবৰ উপৰিও, কীটছৰ সেই নিজা সৌন্দৰ্য্য-সাধনা অতি প্ৰৱল আছিল; “সৌন্দৰ্য্যৰ আৰাধনা জীৱনৰ খেল; অভিনয় অন্তে ঘোৰ কাল যবনিকা।” আদি অনেক ৰূপে এওঁ ইয়াৰ সহাৰি দিছে। ব্যক্তিগত জীৱনৰ সেই পৰস্পৰ-বিৰোধী স্বভাৱেও তেওঁৰ অভিনৱ ব্যক্তিত্বৰ এটি অপূৰ্ব্ব মোহৰেই সঙ্কেত দিয়ে। তেওঁ বিচক্ষণ খনিকৰ আছিল আৰু তেওঁ দিঠকত সুন্দৰ সপোন দেখিছিল সচা; কিন্তু সেই কলাবিদ্যাক ব্যৱহাৰত খটোৱা আৰু সপোন-দিঠকক সানি-পুটকি এক কৰাই তেওঁৰ আচৰিত চেষ্টা আছিল। সুন্দৰক পদ্য-গদ্যতে আবদ্ধ নাৰাখি তেওঁৰ “আসাম প্ৰিন্টাৰ্ছ এণ্ড পাবলিশ্বাৰ্ছ"ৰ দৰেই তেওঁ সৌন্দৰ্য্যৰ এক “লিমিটেড্ কম্পেনী” পাতি কামত লগাব খুজিছিল; কিয়নো তেওঁ ভাবুক আৰু কবি হলেও আলাসত চাংপতা বিধৰ কেতিয়াও নাছিল। আগৰ ছোৱাত তেওঁ গান্ধীবাদৰ বিৰোধী আছিল; কিন্তু ১৯২১ত মহাত্মা আহি যেতিয়া তেওঁৰ ডিব্ৰুগড়ৰ ঘৰত আলহী হলহি তেতিয়াৰ পৰাই তেওঁ অকল “মহাত্মা গান্ধী” কবিতা লিখিয়ে ক্ষান্ত নহল, ভিতৰে-বাহিৰে সম্পূৰ্ণ গান্ধীময় হৈ পৰিল। তেওঁ লিখিছিল — “মোৰেই মাজেদি মানৱ-প্ৰাণৰ ফুটক আকুল মাত। মোৰ চিন্তাতেই গূঢ় ৰহস্যৰ সত্য হক প্ৰতিভাত।” স্বৰূপতে মানৱ-প্ৰেমৰ এই মধুৰ আৰু গধুৰ বাণীৰে চন্দ্ৰকুমাৰৰ কবিতা চিৰমুখৰ।

 লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৮-১৯৩৮) অসমীয়া নৱন্যাসৰ ত্ৰিমূৰ্ত্তিৰ দ্বিতীয়টি। এওঁ পিতা দীননাথ বেজবৰুৱা মুন্সুফ নগাঁৱৰ পৰা বৰপেটালৈ বদলি হৈ নাৱেৰে যাওঁতে বাটত আঁহতগুৰি নামৰ ঠাইত অভিনৱভাবে ব্ৰহ্মপুত্ৰৰ কোলাত লক্ষ্মী-পূৰ্ণিমাৰ ৰাতি জন্মে। সুলিখিত “জীৱন সোঁৱৰণ’’ত এওঁ সৰুতে পিতাকৰ লগত ফুৰা বৰপেটা, তেজপুৰ, উত্তৰ লখীমপুৰ নগৰবোৰৰ সুন্দৰ বিৱৰণ দিছে। ১৮৭৩ত দীননাথে অৱসৰ লৈ নিজ ঠাই শিৱসাগৰত বহাত লক্ষ্মীনাথক পোনতে তাৰ বঙলা আৰু পাছত ইংৰাজী পঢ়াশালিত নাম লগাই দিয়া হয়; আৰু তাৰ পৰাই ১৮৮৬ত প্ৰবেশিকা মহলাত উঠি কুৰি টকীয়া জলপানি ধৰি কলিকতাত পঢ়িবলৈ যায়। তেওঁ তাত পোনতে ৰিপন কলেজত নাম লগাই পাছত ছিটী কলেজলৈ আহি তাৰ পৰাই ফাৰ্ষ্ট আৰ্টছ মহলাত উঠে; সেইদৰেই কলিকতাতে বি-এ ডিগ্ৰী পাই এম্-এ আৰু বি-এ মহলা দিবলৈ বুলি পঢ়ে। সৰুৰে পৰাই লক্ষ্মীনাথৰ স্কুল-কলেজ শিক্ষাত ৰাপ নবহিছিল, আৰু