পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩১
বৰ্তমানৰ যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


বছৰৰ “জোনাকী”ত ধাৰাবাহিক ৰূপে ওলাইছিল; অলপ পাছত ওলোৱা বৰদলৈৰ “দন্দুৱা দ্ৰোহ” উপন্যাসৰ দৰে নামনি অসমৰ হৰদত্ত-বীৰদত্তৰ বুৰঞ্জীমূলক ঘটনা লৈ লিখা এই উপন্যাসৰ ৰচনা-ৰীতিয়েও বেজবৰুৱাৰ প্ৰতিভাৰ এই এটি ফাাল উজ্জ্বলকৈ দেখুৱাইছিল। ১৯০৩, ১৯০৯ আৰু ১৯১৪ত যথাক্ৰমে এওঁৰ “কামত কৃতিত্ব লভিবৰ সঙ্কেত”, “দীননাথ বেজবৰুৱাৰ জীৱনী”, আৰু “বাখৰ’’ আদি সৰু সৰু পুথিকেখন ওলায়। ১৯১০ আৰু ১৯১৫ত সেইদৰে এওঁৰ ভাঙনি পুথি ভাৰতবৰ্ষৰ বুৰঞ্জী আৰু ভাগৱত-কথা ওলায়; আৰু ১৯১০, ১৯১১ আৰু ১৯১২ত যথাক্ৰমে জুনুকা, বুঢ়ী আইৰ সাধু আৰু ককাদেউতা-নাতিলৰা শিশু সাহিত্য প্ৰকাশিত হয়। ১৯১১ আৰু ১৯১৪ত সেইদৰে এওঁৰ “শঙ্কৰদেৱ” আৰু “শঙ্কৰদেৱ আৰু মাধৱদেৱ” পুথি ওলাই অসমত বৈষ্ণৱ সাহিত্যৰ আধুনিক অধ্যয়ন আৰু গৱেষণাৰ বাট মুকলি কৰে। আকৌ, ১৯১৩ত ‘লিটিকাই”ৰ লগৰীয়া “নোমল’’, “পাচনি” আৰু “চিকৰপতি নিকৰপতি” নামৰ তিনিখন ধেমেলীয়া নাটক ওলায়; আৰু এই আটাইকেখন নাটকেই পুৰণি অসমীয়া সাধুৰ ওপৰত ভেটি পতা হলেও সাময়িক অসমীয়া সমাজৰ শুধৰণৰ বাবে মৌলিকভাৱে লিখা হৈছে। ১৯০৯, ১৯১২ আৰু ১৯১৩ত এওঁৰ সুৰভি, সাধুকথাৰ কুকি আৰু জোনবিৰি নামৰ সাধু পুথিকেখন ওলায়; আৰু স্বৰূপতে এই কেখনেই সামাজিক দৃষ্টি-ভঙ্গি আৰু সমালোচনাৰে অসমীয়া আধুনিক সাধু আৰু চুটি-গল্প সাহিত্যৰৰ ভেটি বান্ধে। ১৯১৩ত বেজবৰুৱাৰ “কদম-কলি” বোলা পদ-পুথি, আৰু ১৯১৫ত “চক্ৰধ্বজ সিংহ” “জয়মতী কুঁৱৰী” আৰু “বেলিমাৰ” নামৰ বুৰঞ্জীমূলক নাটকেখন প্ৰকাশিত হয়। পোনতে “জোনাকী” ওলোৱাৰ ঠিক দহ বছৰৰ পাছত ২ লালবজাৰ ষ্ট্ৰীটৰ পৰা “বাঁহী” ওলায় আৰু দহ বছৰমান কাল কলিকতাত বেজবৰুৱাই নিজ দায়িত্বতে চলায়; এই সময়তে তেওঁ সম্বলপুৰলৈ যোৱাত অলপ দিনৰ বাবে ওলাবলৈ এৰাৰ পাছতে পোনতে ডিব্ৰুগড়ৰ আৰু শেষত গুৱাহাটীৰ পৰা বেজবৰুৱাৰ নামতে চন্দ্ৰকুমাৰ আগৰৱালাই নিজ দায়িত্বত এই কাকত আকৌ কুৰি বছৰমান চলোৱাৰ পাছত কেবাখনো সম্পাদকীয় হাত সলনি হৈ আৰু দহ বছৰমানৰ মূৰত একেবাৰে ওলাবলৈ এৰে।

 আগৰৱালাই অসমীয়া নৱন্যাসৰ প্ৰায় সকলোবোৰ লক্ষণ ফুটাই তুলিলেও, ঘাইকৈ লক্ষ্মীনাথে তাৰ কেইবাটিৰো বিকাশত সহায় কৰিলে নিশ্চয়। সৌন্দৰ্য্যৰ কৌতুহল