আখৰ চপোৱা জন্ত্ৰ অতি আচৰিত। তাহাৰ ভিতৰে হই আখৰ ত্বৰিত॥
দুই খান সাল আচে সমস্তে লোহাৰ। আৰু ভালেমান মন্ত্ৰ মাজত তাহাৰ॥
...অৰুন উদয় মধ্যে নক্সা জত আচে। দিন দিনে চাৰি জনে তাহাকে কাটিচে॥
পাঁচ চই দিন তাক তৈয়াৰ কৰই। দুই এক বাৰ বিনে আৰু নিদিয়ই॥
এহি ঘৰে কৰ্ম কাৰি প্ৰাই ত্ৰিচজন। আগা অনুসাৰে সৱ কৰ্মক সাধন॥
মোৰ নিজ গ্ৰাম জানা উত্তৰ পাৰত। জন্ম ধৰি আচোঁ মই আহোম কুলত॥
আত পৰে আন কথা নেপালো ভাবিয়া। সংক্ষেপে ৰচিলো মাত্ৰ দয়াৰাম চেটিয়া॥”
ইয়াৰ লগত ১৯১৬-১৭ৰ “আলোচনী”ত ওলোৱা বিপিনবিহাৰী বৰাৰ “এলডা গোবৰ” ৰিজাব পাৰি: “আলি-পদূলিত পৰি থাকে মাখিৰ হৈ ভোগ্য। ইয়াতো আছে গুপুত ভাব কবিতাৰ যোগ্য। শ্ৰীকৃষ্ণৰ সুৰভী আৰু বৃষভ মহেশ্বৰ। ভক্তি-ভাৱে সেৱে নৰে কামধেনু বশিষ্ঠৰ॥ আন্তৰিক শ্ৰদ্ধা হেতু গোবৰক নিঘিণায়। সকলো ঠাইতে ভিন্ ভিন্ কামত লগায়॥ এনে বিধৰ ভক্তি ভাব অতিশয় বিৰল। প্ৰকাশ কৰে হৃদয়ৰ ভকতি নিৰ্মল॥..বকৰানিত চৰি ফুৰা গৰুৰ গোবৰ। বিপদজনক ব্যৱহাৰ ঘৰৰ ভিতৰ॥” সামাক্সিক দৃষ্টি-ভঙ্গীৰ ফালৰ পৰা হেমচন্দ্ৰ বৰুৱাৰ “কোৱা-ভাতুৰী”ৰ সামৰণি পদ্যৰ লগত ১৮৩৩ ত “মৌ’’ আলোচনীত প্ৰকাশিত বলিনাৰায়ণ বৰাৰ “ডাঙৰীয়া” কবিতাটি মিলাই চাব পাৰি :
ডাঙৰ দীঘল ভূনি মাৰা মূৰত ডাঙৰ পাগ।
বিয়ায় সভায় ডাঙৰ চকত পায় ডাঙৰ ভাগ॥
ডাঙৰ জাপিৰ তলত যায় ডাঙৰ পিৰাত বহে।
ডাঙৰ হোকাত ধপাত খায়, ডাঙৰ ডাঙৰ কাহে॥
ডাঙৰ খাহি ডাঙৰ মাছ ডাঙৰ ভেটি-ভাৰ।
গোচৰ সোধাত জগৰ ভাঙাত সদায় লাগে তাৰ॥
ডাঙৰ ঘৈণীক চুলিত ধৰি মাৰে ডাঙৰ চৰ।
ডাঙৰ চাউলৰ ভাত দিয়ে তাঁতশালত ঘৰ॥
বান্দীক মাৰে খুটাত বান্ধি ডাঙৰ বাৰ্হনিৰে।
খৰমৰ কোব লগুৱাৰ মুৰত দিনে-ৰাতি পৰে॥
ডাঙৰ দাবিত লৰা-লুৰি পলায় লৰালৰি।