সিদেখি মাতিছোঁ মই অত যে মিনতি কৰি;
আহাঁ আহাঁ ভাইহঁত, নিয়া মোকো বাহু ধৰি।
বেছিতো নেলাগে মোক, এফেৰি পোহৰ মুঠে;
তাকে পালে উলাহতে প্ৰাণ মোৰ নাচি উঠে।
এটুপি চকুৰ লো’ এখনি কোমল হিয়া,
এষাৰি আয়ৈ-দেহি, আৰু এটি হুমুনিয়াঃ’
ইয়াৰ উপৰি আৰু একোকে নেলাগে মোক;
ইয়াকে পালেই মোৰ গুচি যাব যত শোক।
আমনি নকৰোঁ আৰু কাকো ক’তো হেৰা ভাই;
আহাঁ আহাঁ, ঘূৰি আহি নিয়া মোকে আগুৱাই।
বজাবতে ভোল গলোঁ লীলা-মলা চাই চাই;
চাকি তেল সলিতা যে নেবেহালোঁ হায় হায়!
এতিয়া বুৰিল বেলি, হ’লহি আন্ধাৰ ঘোপ;
লাহে লাহে ভাগিলেহি গৰাকিৰো দলদোপ।
নিগমে মৰিলোঁ মই! কোন কেনি আছাঁহঁক,
উধাৰাঁহি আজি এই দিন-কণা অধমক!"
এইসকলৰ উপৰিও আন ভালেখিনি সাময়িক লেখকৰ ৰচনাত এই আধুনিকতাৰ কিয়, বৰ্ত্তমানৰ অতি-আধুনিকতাৰ আভাসো দেখিবলৈ পোৱা হয়; এই বৈষয়িক আৰু সামাজিক দৃষ্টি-ভঙ্গী 'অৰুনোদই”ৰ কালৰে পৰা অসমীয়া কবিতাত ঠাই পাইছে। এই কাকতত ওলোৱা কলিকতা, গুৱাহাটী, নগাঁও আদিৰ বিৱৰণৰ বাহিৰেও ১৮৫৩ ফেব্ৰুৱাৰী (৮ম বছৰ, ২য় সংখ্যা) “অৰুনোদই”ত ওলোৱা দয়াৰাম চেটিয়াৰ “চাপাখানৰ বিৱৰণ" লিখা মনকৰিব লগীয়া:
“মাহে মাহে অৰুনোদই জেনে মতে পাই। তাৰ বিৱৰণ লিখে জন্ত্ৰসৱ চাই।
বহু বহু লোক আচে দেখিতে নপাই। অচম দেশত জানা এনে জন্ত্ৰ নাই॥
এক গোটা পকিঘৰ ইটাৰে কৰিচে। ঠায়ে ঠায়ে বহু জন্তু তাহাতে থাপিচে॥
কোঠালি কোঠলি তাক দেখিবাক ভাল। আৰ্চিৰ দুআৰ তাত দিচে চাৰি ফাল॥
তাহাৰ ভিতৰে যন্ত্ৰ জতেক আচই। আদি অন্ত নাহি তাৰ কত কৰ্ম হই॥