বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য 17 “ফেচাই উকলি দিলে পূবে বগা ভঁব, বাহিৰে পোহৰ কিন্তু ভিতৰে আন্ধাৰ; তুই কণ্ঠ তুলি পুবাল ৰজনী বুলি জনালে জগৎ; গাঁৱলীয়া বোৱাৰীৰ আহ্বান নিত। শীতৰ অমোঘ অস্ত্ৰ নিহলি পেলালে; বুৰ কেচুৱা এৰিলেক ডালে-পালে; বিসমিলা এলাহক সাবটলা সুকাৰ্যক নিদ্ৰা-গতা কাৰ্য-মূৰ্তি যেন সাৰ পালে; গৃহ-লক্ষ্মী সাৰ পালে অথবা কপালে।...' মফিজুদ্দিন আহ্মদ হাজৰিকা (১৮৭০—১৯৫৮) ১৭৯২ শকৰ ১৩ ভাদত ওপজে; ঘৰ ডিব্ৰুগড়ত, বিখ্যাত শৰাইঘাটৰ যুদ্ধত আহোম সেনাবাহিনীৰ লগত বিদেশী মোগলৰ বিপক্ষে যুদ্ধ কৰা এজন সেনাধ্যক্ষ বাঘ হাজৰিকাৰ বংশধৰ। ১৮৯৭ত প্ৰকাশিত এওঁৰ জ্ঞান-মালিনীৰ বাহিৰে আন কোনো পুথি ওলোৱা নাই; ইয়াৰ ৰূপাত্মক দিন-কণা পদ্যটি বিতোপন “হেৰা হেৰা বাটৰুৱা! মৰমৰ ভাইহঁত! নেৰিবা নেণি মোক এই মায়া-বজাৰত। দুহাত ঘুৰিছোঁ মই কাবউ-কাকুতি কৰি! অকলে নেৰিবা মোক আলাই-আথাৰ্নি কৰি! তোমালোকে যোৱগই, মোকো হেৰা লই যোৱা; দুখীয়া নিছলা বুলি এফেৰি উভতি চোৱা; হাতৰ আধুটি ই যে মেলি দিছে, হেৰা ভাই! ধা; ধৰি কোনোমতে নিয়া মোকো আগুলাই। কেনিনো যাবগৈ লাগে ১কুৰে নমনা মই; খুন্দা-খুলি যে খাই যেনি-তেনি পৰোগই! আমাৰ নিচিনা এনে দুখীয়া-লেহেৰা দেও, এই বিশ্ব-নদাৰত নাই আৰু ক'তো কেও। ২১
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩২৩
অৱয়ব