পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২০
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


অসমীয়া ভাষাৰ জতুৱা প্ৰতিভাত অৱশ্যে ঠায়ে ঠায়ে খুত লগাইছিল। “কোন সিটি বসি চেয়াৰ আসনে, হস্তেৰে লিখনী চলাই যায়” এনে ধৰণেৰে কিছুমান খণ্ড কবিতাতো এওঁ অসমীয়া ভাষাত এক অং-বং-ইং খিচুৰি পাইছিল বুলি বহুতেই সেই কালত এওঁক দোষাৰোপ কৰিছিল। তেনে প্ৰতিকূল সমালোচনাতে বিশেষ ক্ষুণ্ণ হৈ তেওঁ তেওঁৰ জীৱনৰ পিছৰ দুকুৰি বছৰ কাল আৰু লিখনী হাতেৰে নুচুলে; অসমীয়া সাহিত্যৰ বাবে ই সামান্য ক্ষতি আৰু এলা-পেচা বেজাৰৰ কথা নহয়। আগতে ভোলানাথে কবিতা আৰু কাব্যৰ উপৰি “পৰিমিতি আৰু জৰিপ” আদি দুই এখন পুথিও লিখিছিল। সংস্কৃত বঙলা আদিৰ ভাঁজ দিয়া বুলিলেও স্বৰূপতে অসমীয়াত এক সাধু গহীন ভাষাৰ কাব্য-ৰীতিৰ সৃষ্টি কৰাই, ভোলানাথৰ মহৎ উদ্দেশ্য আছিল নিশ্চয়; তেওঁৰ দোষখিনিয়ে অসমীয়া সাহিত্যক অৱশ্যে চুব নোৱাৰিলে, কিন্তু গুণখিনিয়ে ইয়াক বহুত সমৃদ্ধিশালী কৰিলে যে ই নিশ্চয়।

ৰত্নেশ্বৰ মহন্ত (১৮৬৮-৯৩) আউনিআটি সত্ৰৰ পৰা প্ৰতিষ্ঠিত উত্তৰ লখীমপুৰৰ বলিয়াগৰু সত্ৰৰ অধিকাৰ থানেশ্বৰ মহন্ত আৰু জয়ন্তী দেৱীৰ একটি পুত্ৰ। এওঁৰ পূৰ্বপুৰুষসকল মান-ভগনত কামৰূপলৈ উঠি আহে আৰু শেষত গুৱাহাটীত বসতি কৰেহি। ৰত্নেশ্বৰৰ বয়স এবছৰ পূৰ হবলৈ নৌ পাওঁতেই পিতাক ঢুকায় আৰু বাঁৰী মাকে বৰ দুখেৰে এওঁক ডাঙৰ-দীঘল কৰে। ১৮৮০ ত এওঁ গুৱাহাটীৰ পঢ়াশালিৰ পৰা প্ৰবেশিকা মহলাত উঠে, আৰু সিমানতে শিক্ষা সাং কৰি নগাঁও পুৰণিগুদামৰ মোমায়েকৰ ঘৰৰ ওচৰলৈ উঠি আহে। ইয়াতে এওঁ সংসাৰত সোমায় আৰু তেতিয়াৰ নগাঁৱৰ মুন্সুফ সাহিত্যৰথী গুণাভিৰাম বৰুৱাৰ যত্নত তাৰ কাছাৰীত একাউণ্টেণ্ট কামত সোমায়। গাঁও-ভূঁই উছনকাৰী কলাজ্বৰৰ উৎপাতত ১৮৯৩ ত দুটি কনা মাত্ৰ এৰি ৰত্নেশ্বৰ ঢুকায়। নিজ নাম আৰু ৰামদাস গোস্বামী ছদ্মনামত এওঁৰ ভালেখিনি মৌলিক গদ্য আৰু পদ্য ৰচনা “আসাম বন্ধু” আৰু “জোনাকীত ওলায়; তাৰ ভিতৰত “জয়মতী কুৱঁৰী আৰু লাঙি গদাপাণি” প্ৰৱন্ধটি অতি মূল্যবান। ৰূপতে অসমীয়াত বৰ্তমান চলিত জয়মতীৰ কাহিনীৰ বাবে অকল এৱেই প্ৰশংসাৰ আগভাগ পায়; ইয়াৰ উপৰিও এওঁ বুৰঞ্জীমূলক আন কেইবাটিও প্ৰবন্ধ লিখিছিল। কবিতা-হাৰ আগছেৱা এওঁৰ একমাত্ৰ প্ৰকাশিত পদ পূথি; ইয়াৰ মাজহোৱা আৰু দৌপদ্ৰীৰ বেণীবন্ধন নাট আদি এওঁৰ কেইবাখনিও পুথি হাতে-লিখা অৱস্থাতে থাকিল। এওঁৰ অপূৰ্ব কবি-প্ৰতিভাৰ আভাস “গাঁৱলীয়া বোৱাৰী”ৰ আৰম্ভণটিৰ পৰাই পাব পাৰি: