প্ৰথম গহীন নাট সীতাহৰণৰো নাট্যকাৰ। অভিমন্যু বধৰ প্ৰথম সৰ্গত অমিত্ৰাক্ষৰৰ
আভাস⸻
দশদিন যুদ্ধ কৰি ভীষ্ম মহাবলী
যেতিয়া শুইলা বীৰে শৰ-আসনত,
মহাৰথী পাণ্ডবেও আনন্দ মনেৰে
বজাইলা ঢাক ঢোল শিঙ্গা কৰতাল
জগঝম্প ভেৰি দবা .....
উথলিয়া শব্দ-সিন্ধু সেনাৰ ভিতৰ
লড়ালা পাতাল-স্বৰ্গ,লড়ালা মেদিনী
মেৰুদণ্ড সমম্বিতে। শবদে শবদে
ভাঙ্গিয়া পড়িলা যেন ধৰাত আকাশ;
কঁপিলা বাসুকী ত্ৰাসে, কাণে লাগে তালি
স্থলচৰে জলচৰে; জীৱ-জন্তু যত
কৰ্ণভেদী হিয়াভেদী শবদত সিতো
যেন এশ বজ্ৰপাতে চমকি উঠিলা।....
বলদেৱ মহন্ত (১৮৫০-৯৫)শঙ্কৰদেৱৰ আজ্ঞাপৰ নাৰায়ণ ঠাকুৰৰ বংশধৰ। এওঁৰ পূৰ্বপুৰুষসকল বৰপেটাৰ পৰা উঠি আহি, খাগৰিজন (নগাঁও) সলগুৰি সত্ৰৰ ডাল শুকদল সত্ৰত আছিল। তাৰ পৰা বৰ্তমান নগাঁও ছহৰৰ চাৰি মাইল আঁতৰৰ মায়ামৰী এলেঙী সত্ৰৰ খাতলৈ এওঁৰ পিতাক উঠি আহে। তাতে সেই সময়ৰ এজন নিপূণ গদ্যলেখক নৰনাথ মহন্তৰ সৈতে লগ লাগি এওঁ সাহিত্য-সেৱাত লাগে। বলদেৱ নগাঁৱৰ সদৰ মজলীয়া পঢ়াশালিৰ শিক্ষক আছিল; এওঁৰ কোনো পুত্ৰ নাছিল; একে-গৰাকী কন্যাও নিপুত্ৰকা। সাহিত্য চৰ্চাৰ বাহিৰেও এওঁ জৰিপ,পৰিমিতি, কাৰ্য-পৰিচয়,পাটীগণিত,সৰল ক্ষেত্ৰ জ্যামিতি আদি পঢ়াশলীয় পুখি লিখে। বলদেৱৰ উজুপাঠ পদপুথি ১৮৮৪ত ওলায়। “বজালেই কাঁহপাত্ৰ ভগা ভাল চিনি॥ সক্ষী কলে চিনি লোক কত দূৰ জ্ঞানী॥” “সাপৰ সমান খং কাৰো নাই নাই। হিমালয় সম গিৰি পৃথিবীত নাই॥” উজুপাঠৰ এনে দুফাকি নয় এফাকি পদ্য কণ্ঠস্থ নাই এনে শিক্ষিত লোক যোৱা দুই পুৰুষত অসমত বিৰল আছিল। এওঁৰ ভাব সৰল হলেও ভাষা আৰু ছন্দত এটি প্ৰাচীন সাহিত্যৰ গাম্ভীৰ্য্য