আছেঃ যেনে,
অমৃতৰ আশা কৰি বহু পুৰুষাৰ্থ ধৰি
সাগৰ মথিলে দেৱাসুৰে৷
স্ত্ৰী-ৰত্ন প্ৰত্যাশায় কষ্টে ভ্ৰমি নানা ঠাই
ত্ৰিলোক জিনিলে লঙ্কেশ্বৰে॥
অভীষ্ট সিদ্ধিৰ হেতু সমুদ্ৰত বান্ধি সেতু
মহাৰাজ দশৰথ সুত৷
ভালুক বান্দৰ লৈ লঙ্কাত প্ৰৱিষ্ট হই
যুদ্ধ কৰিছিল অদভূত॥
যুধিষ্ঠিৰ ৰাজা অতি দান মানী ধৰ্ম্মে মতি
তেও কিন্তু ৰাজ্যৰ আশাত৷
দান-ধৰ্ম্ম পৰিহৰি দুৰ্ঘোৰ সমৰ কৰি
জ্ঞাতিকো মাৰিলে অসংখ্যাত॥
কমলাকান্ত ভট্টাচাৰ্য্য (১৮৫৩⸻১৯৩৬) তেজপুৰৰ শিলাবন্ধা ন-দুৱাৰত ওপজে; এওঁলোকৰ ঘাই ঘৰ বিশ্বনাথৰ গড়েহাগী গাঁৱত। এওঁ ভালেমান দিন হৰিবিলাস আগৰৱালাৰ লগত নানা ব্যৱসায়ত ধৰি শেষত নিজে হাতী-ধৰা আদি ব্যৱসায় চলায়। অসমীয়া বৰ্ত্তমান সাহিত্যইদি সমাজনৈতিক মৌলিক চিন্তাৰ নতুন সোত বোওৱাসকলৰ ভিতৰত দেশপ্ৰেমিক আৰু তাৰ পাছতহে ভাবুক বা কবি বুলি জানে, তেন্তে এওঁৰ কবিতাত কমলাকান্ত অগ্ৰণী পুৰুষ। যোৱা শতিকাত সত্তৰবোৰবৰ পৰা এই শতিকাৰ ত্ৰিশবোৰলৈকে অৰুনোদই""ৰ পৰা আৱাহনলৈকে আলোচনীবোৰ আবিৰম এওঁৰ চিন্তাশীল গদ্য-পদ্য। নানান প্ৰৱন্ধই ওপচাই থৈছিল। ১৮৯০ মানত এওঁৰ “চিন্তনল' নামৰ কবিতা পুথিৰ আগছোৱা আৰু ১৯৪২ত শেষ হোৱা, আৰু “চিন্তাতৰঙ্গ’’ৰ আগছোৱা ১৯৩৩ ত ওলায়। 'খাছিয়া পৰ্বতত থিয় দি মনৰ ভাৱ’ “পাহৰণি" আনি অনেক কাকতা পুৰণি 'আসাম বন্ধু'; 'জোনাকী' আদিত ওলাইছিল, আৰু সেই কালৰে “বাসন্তীৰ বিয়া’’ আদি কবিতাৰ মৌলিক কল্পনাই কোনো কোনো পৰবৰ্তী কবিও প্ৰেৰণা যোগাইছে। এওঁৰ নিজৰ ভাষাৰেই এই কবিতাবোৰ “ছন্দ-বন্ধৰ একো লাগ বান্ধ নথকাৰ বাবে পঢ়িবলৈ। মিঠা নালাগিব পাৰে’’; কিন্তু পঢ়োঁতাই যদি কমলাকান্ত প্ৰথমতে আক প্ৰধানতে দেশপ্ৰেমিক আৰু তাৰ পাছতহে ভাবুক বা কবি বুলি জানে, তেন্তে এওঁৰ কবিতাত