পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য ৩১৫ কাবাত আলুপৰিচয়া দিছেঃ “মহদি দিপক ত্যতে কবিয়া শকত। বিন্দু গজ দিয়া পাচে কবিয়া যুগুত। মিথুন মাসৰ জানা ৰোহিণীক পাই। সমাপতি হৈলা শাস্ত্ৰ পদ সমুদই। . আখলাবস্থাৰ সত্ৰ কলিয়াবৰত। আমাৰ জনম জানা সেইসে সত্ৰত। সেই সত্ৰে মূখ নাই গোবিন্দ কৃপায়া। ধৰ্মদৌল পাতি হৰি সাক্ষাতে আয়।” পূৰ্ণকান্তৰ ঘৰ ডিব্ৰুগড়ত; এওঁৰ নল-চৰিত্ৰৰ দময়ন্তীৰ বিবাহ-বৰ্ণনাঃ নলক ববিলা পতি দেখি ৰাজাগণ। যাৰ যেই দেশে গৈলা বিষালিত মন। ভীম বৰপতি তৈলা আনন্দে মগন। বিহাৰ কাৰণে ৰাজা আনে বন্ধুগণ। বাদাকৰণ বাজা ভাবিয়া আনিলা। বিহাৰ সামগ্ৰী যত এ কবিলা। নিৰ্মাইলা সভাখন আনি খনিকৰ। সুটিকৰ স্তন্ধ আনি দিলে থৰ থব। এক ক্ৰেণশ স্থান জুৰি ৰচে সভাখন। ক তে চিত্ৰ বিচিত্ৰ নিৰ্মাণ। নানাবঙ্গে বিৰচিলা যেন দেৱপুৰী। বতনে মণ্ডিত তাহে গৃহ শাৰী শাৰী। মণিমা দীপগণ স্বলে থান থান। কোটি। সূৰ্য জিনি আলো ন্যায় বৰ্ণন। তাৰ পাশে হোম ঘৰ কৰিল নিৰ্মাণ। ফটিকৰ বেদী কৈল হোমৰ কাৰণ। বেইঘৰ নিমাইলা কবিয়া যতন। দেখি আনন্দিতা ভৈলা যত নাৰীগণ।” এই পুথি ১৮৮৯৩ লিখা বুলি বুজিব পাৰি; আৰু এই বছৰতে কলিকতাৰ পৰা প্ৰসিদ্ধ “জোনাকী” কাকত ওলায়। তেনেহলে সহজে মন কৰিব পাৰি আধুনিক মনোভাবৰ লগত পুৰণিয়ে যোৱা শতিকাৰ সামৰণিলৈকে ফেৰ মাৰি চলিছিল। মাকান্ত চৌধাৰী (১৮৪৬-৮৯) কামৰূপ জিলাৰ খাতা আৰু বতাহগিলা মৌজাৰ লক্ষ্মীকান্ত চৌধাৰী মৌজাদাৰৰ পুতেক। প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটী কাছাৰীৰ কাজ্ঞী হয়। তাৰ পাছত গুৱালপাৰা ধুবুৰী আদি কেইবা ঠাইতো কাম কৰি শেষত গুৱাহাটীত ছিৰস্তাদাৰ হৈ থাকোতেই অকালতে মেলেৰিয়াত ঢুকায়। ইংৰাজ কবি মিলনৰ ব্ৰেঙ্ক ভাৰ্ছৰ অনুকৰণত বঙ্গ দেশৰ কবি-কুলমণি মাইকেল মধুসূদন দত্তই যি অমিত্ৰাক্ষৰ ছন্দ উলিয়াই বঙ্গভাষা-জননীৰ ভৰিৰ দুন্দৰ শিকলি মোকলাই দিয়ে, তৰে অনুকৰণত ৰমাকান্তই নিৰ্ভীক ভাষা আৰু নিমজ হুন্দৰ গতিত লিখা অভিমন্যু বধ কাৱা ১৮৭৫ত প্ৰকাশিত হয়। গতিকে এওঁক অকল অমিত্ৰাক্ষৰ ছন্দৰে নহয়; আধুনিক অসমীয়া কাব্যৰো বাট-দেখাওঁতা বুজিব পাৰি; এৱেই আধুনিক অসমীয়া