পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৬
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


ৰিজনি হব পাৰে, আৰু স্বৰূপতে ই সেই শাৰীৰ ওখ প্ৰতিভাৰ কাৰ্য্য। জীৱন কালত তেওঁ হেমকোষ প্ৰকাশিত হোৱা দেখিবলৈ নাপালে, আৰু নাপাব বুলি জানিয়ে তেওঁ সংক্ষিপ্ত হেমকোষ বুলি অৰ এটি ক্ষুদ্ৰ সংস্কৰণ কৰে; আৰু ১৮১৪ শকৰ আঘোণত পঢ়াশলীয়া অভিধান বুলি এখনি সৰু শব্দকোষ উগিয়ায়। মাণিকচন্দ্ৰ বৰুৱা আৰু অন্নদাৰাম ফুকনে পতা এটি অনুষ্ঠানৰ সহায়ত ১৮৮২ ত গুৱাহাটীৰ পৰা প্ৰায় ৯০০ গ্ৰাহকেৰে এওঁ আসাম-নিউচ নামৰ ইঙ্গ-অসমীয়া সাপ্তাহিক কাকতখনি উলিয়ায়। ১৮৮৫ ৰ জুলাইৰ পৰা যদিও এই কাকত ওলাবলৈ এৰে, তথাপি অসমীয়া ভাষাৰ আখৰ-জোটনি আৰু ৰচনা-ৰীতিক বৰ্তমান গঢ় দিয়াত ইয়াৰ বৰঙণি অসামান্য নিশ্চয়।

 ‘কানীয়া কীৰ্তন” আৰু ‘বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী’ হেমচন্দ্ৰৰ ব্যঙ্গ ৰচনা। ‘কানীয়া কীৰ্ত্তন’ নাটক বা প্ৰহসনৰ গঢ়ত লিখিলেও তাত নাটকীয় গুণ বিশেষ থকা বুলিব নোৱাৰি; সমসাময়িক সমাজক নিজ দোষবিলাক চকুত আঙুলি দি দেখুৱাবৰ বাবেইহে লিখা বুলিব পাৰি। কোৱাভাতুৰী” কাহিনীমূলক; ইয়াৰ ব্যঙ্গ আৰু চোকা। “কোৰখনীয়া সত্ৰৰ গোবৰ্দ্ধন দেউ আতা পৰম বৈষ্ণব; কংস ৰজাৰ চন্দন যোগাতী কুজী বাইৰ বংশত জাত, সাক্ষাত গুৰুজনাৰ পৰা পৰমাৰ্থৰ ভাগ পোৱা গোপীনাথ দেউ আতাৰ পৰিনাতি। ঘোষা, কীৰ্তন, ৰত্নাৱলী, এই তিনিখনি শাস্ত্ৰ প্ৰভুৰ ওষ্ঠাগ্ৰ। ইয়াত বাজেও গুণমালা, ভটিমা,চপয়, তোটয়, এইবিলাক মুখে আখৈ ফুটাৰ দৰে ফুটে। বৰগীতত গোসাঁইদেউ এনেহে পাৰ্গত যে তেওঁ পুৱতীয় নিশা গীত ধৰিলে ওচৰৰ গছবিলাকেও পাত লৰোৱাৰ চলেৰে তাল ধৰে; আৰু কুকুৰ-শিয়ালেও প্ৰেমত বাউল হৈ ৰাগ দিয়ে।...গোসাঁইদেৱ ‘বাক সিধ্, যি বোলে সেয়ে হয়। এবেলি এজন ভকতে কিবা দায় কৰাত “হতশ্ৰী হো” বুলি তাক শাপ দিছিল। গোসাঁইদেউৰ “বৰ্জ্জ বাইক” পৰিবৰ পৰা ভকতজনে দেড় কুৰি বছৰ মাথোন নিলে।” পুথিখনৰ মৰ্মবাণী “কোৱাভাতুৰী’’ৰ সামৰণি গীততঃ

“হায়, হায়, কেনেকুৱা কৰ্মৰ গতি।  উদাসীন মহাজনে দুখ পালে অতি।
কপটীয়াৰ ফাকটি গোটেই আন্ধাৰ।  ভাল বেয়া চিনিবৰ শক্তি আছে কাৰ।
কেৱলীয়া মহাজন ধৰমীৰ বেশ।  শিষ্যকে তৰায় দি ধৰম উপদেশ।
মুখত ধৰম কথা অন্তৰত আন। ধিক্ তাৰ পৰমাৰ্থ কি তাৰ জ্ঞান।
বাহিৰত ৰং চং নাই কোনো মলি।  ভিতৰৰ ফাল কিন্তু ছাই লিপা ফলি।