পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৭
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


আপোনাক শুচি বুলি লোকক ঘিণায়। ধৰমৰ ঢাকনিৰে পাপ ঢাকি খায়॥
বাহিৰত মালা জপে ধৰমী দেখায়।  অন্তৰত বা কি ভাবে চিন একো নাই।
অস্ অস্! হ’ল আহি ঘোৰ কলিকাল ধৰ্মৰ কঠীয়া তলী পাপৰ ভঁৰাল।
তাল মালা ফোঁট পূজা আৰু হোমৰ ছাই।  বাহিৰৰ সৃষ্টি তাত পতিয়ন নাই।”

 সৌৰ জগতত বৃহস্পতিৰ দৰে, ওঠৰ শতিকাৰ ইংৰাজী সাহিত্যত জনছনৰ নিচিনাকৈ, বৰ্তমান অসমীয়া সাহিত্যত হেমচন্দ্ৰ বৰুৱাই এখনি বিশেষ আসন অধিকাৰ কৰে। আকৌ জনৰ দৰেই হেমচন্দ্ৰৰ অধিনায়কত্ব তেওঁৰ ৰচনাৰ লেখ বা জোখৰ ওপৰতো নিৰ্ভৰ নকৰে; এওঁলোকৰ বাক্তিত্ব আচৰিতভাৱে এনেবোৰ বিচাৰৰ অতীতত। ইফালেও জনছন আৰু হেমচন্দ্ৰ উভয়ৰে কীৰ্তিস্তম্ভ তেওঁলোকৰ একেহতীয়া অভিধান দুখনি; কিন্তু সি সাহিত্যৰ লগত সম্পৰ্ক-শূন্য। তদুপৰি হেমচন্দ্ৰ আৰু গুণাভিৰাম উনৈশ শতিকাৰ অসমীয়া সাহিত্যৰ দুটি শিক্ষালয় বুলিব পাৰি; বৈষ্ণৱ সমালোচকসকলে শঙ্কৰ- সূৰ্য্য আৰু চৈতন্য-চন্দ্ৰৰ উপমা দিয়াৰ দৰে হেম-বেলি আৰু গুণ-জোনক সেই শতিকাৰ অসমীয়া সাহিত্যৰ দুটি চকু বুলিলেও ভুল নহয়। কিন্তু জোনাকৰ জেউতিক বেলিৰ কিৰণে জিনিব পৰাৰ দৰে হেমৰ প্ৰতিভাৰ প্ৰখৰতাই গুণৰ জেউতিৰ মৃদুতাক জয় কৰিব পাৰিলে। এই দুইজন অধিনায়কৰ গাইগুটীয়া স্বভাব, হাস্যৰস, গদ্য, ব্যক্তিত্ব সকলোতে এই ৰিজনিৰে সাৰ্থকতা দেখিবলৈ পোৱা হয়। সাহিত্যত হাস্যৰস- ৰূপে হেমচন্দ্ৰৰ 'কোৱাভাতুৰী' আৰু গুণাভিৰামৰ 'ৰহস্য-ব্যাখ্যা’, গদ্যৰূপে হেমচন্দ্ৰৰ আত্মজীৱনীৰ সামৰণি আৰু গুণাভিৰামৰ ‘সৌমাৰ ভ্ৰমণ’ৰ আৰম্ভণি আদি মিলালেই যথেষ্ট হয়। আকৌ মুঠতে উনৈশ শতিকাৰ অসমীয়া সাহিত্যৰ বীৰবাহুসকলৰ ভিতৰত হেমচন্দ্ৰই, ওঠৰ শতিকাৰ ইংৰাজী সাহিত্যৰ জনছনৰ দৰে, অভ্ৰভেদী ব্যক্তিত্ব।

 হৰিবিলাস আগৰৱালা (১৮৪২-১৯১৬) তেজপুৰৰ মিৰি গাঁৱত ওপজে। শিক্ষাৰ অৰ্থে এওঁ পোনতে ডিব্ৰুগড় আৰু শিৱসাগৰ, শেষত কলিকতালৈ গৈ তাৰ হিন্দু স্কুলত পঢ়ে৷ শিক্ষা সাং কৰি এওঁ নানা ব্যৱসায়ত ধৰে। এওঁ অকা, ডফলা, চিংফৌ মিছিমি আদি আবৰী জাতি বৰাব জানিছিল, এই বাবে ডফলা যুদ্ধৰ সময়ত এওঁক ডফলাক বৰাবলৈ পঠাইছিল৷ এওঁ ভাৰতবৰ্ষৰ বাহিৰেও ব্ৰহ্মদেশ আৰু লঙ্কা দ্বীপ আদিৰ ঘাই ঠাইবিলাক ঘুৰি আহি শেষত এওঁ তেজপুৰত কাঠ-ফলা কলৰ কাৰবাৰত হাত দিয়ে। এই ব্যৱসায়ত এওঁৰ এনেদৰে পৰালি পৰিল যে এওঁ এওঁৰ কলিকতাৰ