পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৫
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


তেওঁবিলাকে তেওঁলোকৰ বিয়াত অগ্নিৰ আগত দেৱতা আৰু পিতৃবিলাকক সাক্ষী কৰি ভাৰ্য্যাক এইৰূপে কয়, “তোমাৰ প্ৰাণে সৈতে মোৰ প্ৰাণক, তোমাৰ হাড়ে সৈতে মোৰ হাড়ক, তোমাৰ মাংসে সৈতে মোৰ মাংসক, আৰু তোমাৰ ছালে সৈতে মোৰ ছালিক মিলাওঁ।" ইয়াৰ দ্বাৰা দেখা যায় যে ভাৰ্য্যা আৰু স্বামীৰ একে দেহ, একে প্ৰাণ; দুইৰ ভিতৰত একো প্ৰভেদ নাই। এনে স্থলত যেতিয়া পুৰুষে ভাৰ্য্যা মৰি গলে অৰ্থাৎ তেওঁৰ শৰীৰৰ এভাগ নষ্ট হলে তাক পূৰাই লব পাবে, তিৰোতা সেই স্বত্বৰ পৰা বঞ্চিত হব কিয়?...

 “আমাৰ শিক্ষিত ডেকাবিলাকৰ মূৰত এটা বৰ গধুৰ বোজা আছে, সেই কথা সিবিলাকে ভাবি চোৱা উচিত। ইয়াৰ পাচত তেওঁবিলাকেই সমাজৰ নায়ক আৰু সাধাৰণ মত স্ৰষ্টা হব; তেতিয়া তেওঁলোকে যেন কুসংস্কাৰ আৰু দেশাচাৰৰ দাস হৈ নাথাকে, আৰু বিধৱা বিয়াৰ বাটটো বহলায়, এয়ে মোৰ আন্তৰিক ইচ্ছা আৰু প্ৰাৰ্থনা। পূজনীয় বিদ্যাসাগৰে বিধবা বিবাহ যে শাস্ত্ৰসিদ্ধ ইয়াকে প্ৰমাণ কৰিয়েই মনে মনে নাথাকিল, আপোনাৰ পুতেকেৰে সৈতে বিধৱাৰ বিয়া দিলে। কালৰ সোতত তেওঁ উটি গল; কিন্তু তাৰ বালিত তেওঁ যি খোজৰ সাঁচ থৈ গৈছে সি চিৰকাললৈ থাকিব, লুপ্ত নহয়। সেই খোজৰ পাচত চলোতা মানুহ আমাৰ দেশত ওলাব কেতিয়া? প্ৰতিধ্বনিয়ে সুধিছে- “কেতিয়া?”

 ১৮৭৩ ৰ ১৮ জুনৰ তেতিয়াৰ লেফটেনেন্ট গৱৰ্ণৰ ছাৰ জৰ্জ কেম্বেলৰ ২১৫২ নং জাননী অনুসৰি “আদিপাঠ” লিখি তেনে আঢ়ৈকুৰিখনমান কিতাপৰ ভিতৰত আগঠাই পাই এওঁ ৫০০, টকা বটা লাভ কৰে; ইয়াৰ পাছতো “পাঠমালা”, “ব্যাকৰণ” আদি পুথি লিখি আৰু “ৱে টু হেলথ” পুথি ভাঙি গৱৰ্ণমেণ্টৰ পৰা সকলোটি মিলাই পায় মুঠ ১১০০, টকা। কামৰূপৰ পুৰণি সংস্কৃত পুথি গোটোৱা বিষয়ত ৰাজেন্দ্ৰলাল মিত্ৰক সহায় কৰিও এওঁ গৱৰ্ণমেণ্টৰ পৰা শলাগ আৰু আৰ্থিক পুৰষ্কাৰ পায়। অসমত বিবাহ পদ্ধতি বুলি এখন ইংৰাজী পুথি এওঁ পাছৰ বয়সত লিখি উলিয়ায়; ১৭৮১ শকত এওঁৰ অসমীয়া ব্যাকৰণ শিৱসাগৰ মিস্যন প্ৰেছেই ছপায়; তাৰ পাছত পঢ়াশলীয়া ছাতৰৰ উপযোগী কৰি ১৮৮৬ ত অসমীয়া লৰাৰ ব্যাকৰণ উলিয়ায়। হেমকোষ এওঁৰ নিজৰ আৰু অসমীয়া ভাষাৰ এটি শ্ৰেষ্ঠ কীৰ্ত্তিস্তম্ভ; ৱেবষ্টাৰৰ আদৰ্শত লিখা

এই অভিধানৰ জন্সনৰ ইংৰাজী অভিধানৰ লগতহে শ্ৰেষ্ঠ একে হতীয়া কাম ৰূপে

২০