সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৪
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী


ইংৰাজী জানিবৰ প্ৰয়োজন নাছিল আৰু কেৰেণীত বাজে ইংৰাজী ভাষাক আটায়ে ঘিণাইছিল। এই পদৰ পৰাই, হেমচন্দ্ৰই ক্ৰমে সেই অফিছৰ চুপাৰিন্টেণ্ডেটৰ পদ পায় আৰু ১৮৮১ ৰ ১ জানুৱাৰীত ৮৩৷/৩ পাই পেন্সন লৈ অৱসৰ প্ৰহণ কৰে। ১৮৭৫ আৰু ১৮৭৬ত দুৱাৰকৈ এওঁক একষ্ট্ৰা এছিষ্টেন্ট পদ যচাতো সাহিত্য-চৰ্চাত ব্যাঘাত হব বুলি আশঙ্কা কৰি সেই বাব নলে। ১৮৬৩ত এটি কন্যা জন্মাৰ পাছত ১৮৬৫ৰ নৱেম্বৰত জহনী ৰোগত এওঁৰ ঘৈণীয়েক ঢুকায়।

 ঢেকিয়াল ফুকন আৰু গুণাভিৰামৰ দৰেই হেমচন্দ্ৰয়ো “অৰুনোদই”তে সাহিত্যৰ উমেদাৰ জীৱন আৰম্ভ কৰে। একাদশ বছৰৰ চতুৰ্থ সংখ্যা “অৰুনোদই”ত (এপ্ৰিল, ১৮৫৬) “অনেক বিয়া কৰা অজুগুত’’ প্ৰৱন্ধ লেখক ছদ্মনামা সেই “স্ত্ৰী সোনাৰ চাঁদ" যে হেমচন্দ্ৰ, পানীন্দ্ৰনাথ পাগৈৰ লৰশিক্ষা আগছোৱাৰ “সোনাৰ চাঁদ ডেকা বৰুৱা” উল্লেখেই বেকা অথচ তীক্ষভাৱে বুজায়। তেওঁৰ আত্মজীবনীতো এই কথা তেওঁৰ চুম্বক আৰু শক্তিসম্পন্ন গদ্যত প্ৰকাশ পাইছে: “মই পুনৰায় বিয়া নকৰালোঁ। আজিকালি আমাৰ সমাজৰ অৱস্থালৈ চাই ভাৰ্য্যা মৰা পুৰুষে পুনৰায় বিয়া কৰোৱা গোটেই নিন্দনীয়। মই ভাবি চালোঁ, মোৰ ভাৰ্য্যাৰ নহৈ মোৰ মৃত্যু হোৱা হলে তেওঁৰ কি অৱস্থা হ'লহেতেন? তেওঁ মৰিছে, তথাপি মোৰ ইচ্ছা হলেই মই এটা কিয় তিনটা বা অধিক বিয়া কৰিব পাৰোঁ; কিন্তু বিধৱা হোৱাৰ পাচত বিয়াৰ নাম লোৱা মাত্ৰেই তেওঁৰ জাতি গলহেতেন, সমাজে বৰ্জিলেহেতেন, আৰু তেওঁ জীৱন্ততে মৰা যেন হৈ থাকিল-হেতেন! ই যেনে অসঙ্গত তেনে অযুগুত।...শাস্ত্ৰ নেলাগে যুক্তিলৈ চালেই বিধৱাৰ বিয়াত যে কোনো দোষ নাই তাক বুজিব পাৰি, আৰু শাস্ত্ৰৰো যুক্তিয়েই মূল, কিয়নো যুক্তিহীন-বিচাৰেন ধৰ্মহানিঃ প্ৰজায়তে।” এতিয়া চাওক- চোন, মতা-তিৰোতা দুইটা সমান জীৱ; ভোক-পিয়াহ, টোপনি, বোধ-ইচ্ছা, অঙ্গ-প্ৰত্যঙ্গ, জন্ম-মৰণ দুইৰো সমান। তথাপি এটাৰ যি স্বত্ব আছে আনটোৰ সি নাই বোলা কথাটো কিমান অন্যায়, ইয়াক যাৰ অলপমান জ্ঞান আছে সিও বুজিব পাৰে। ঈশ্বৰৰ বা স্বভাৱৰ নিয়মমতে বিধৱাৰ বিয়া নিষিদ্ধ হোৱা হলে স্বামীৰ মৃত্যুৰ পাচত তিৰোতাৰ মনৰ পৰা সহবাসৰ বাঞ্ছা গুচি গলহেতেন; কিন্তু সকলোৱেই জানে। তেনে কেতিয়াও নহয়। হিন্দু-শাস্ত্ৰমতে ভাৰ্য্যা স্বামীৰ অৰ্দ্ধাঙ্গ আৰু হিন্দুবিলাকে