পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৩০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৩
বৰ্তমান যুগৰ নৱ-আৱিষ্কাৰৰ অসমীয়া সাহিত্য


তেওঁৰ আত্মজীৱনীত লিখি থৈছে। মুঠতে ঢেকিয়াল ফুকন আক হেমচন্দ্ৰ বৰুৱাৰ পাছতে অসমীয়া সাহিত্যৰ ওখ আসনখনি যে গুণাভিৰাম বৰুৱাৰ তাত সন্দেহ নাই।

 হেমচন্দ্ৰ বৰুৱা (১৮৩৫-৯৬) বৰ্তমান অসমীয়া সাহিত্যৰ প্ৰধান ত্ৰিমূৰ্ত্তিৰ তৃতীয়টি। ১৭৫৭ শকৰ ২৪ আঘোণ মঙ্গলবাৰে শিৱসাগৰ মহকুমাৰ ৰজাবাহৰ গাঁৱত এওঁৰ জন্ম হয়। এওঁ শিৱসাগৰৰ সংস্কৃত ভাষাবিদ্ পণ্ডিত আৰু বৈদ্যশাস্ত্ৰ-বিশাৰদ মুক্তাৰাম বৰুৱাৰ দ্বিতীয় ভাৰ্য্যাৰ দ্বিতীয় সন্তান। ন বছৰমান বয়সলৈকে পিতাকে এওঁক কোন শিক্ষা নিদি পাছত বৰ্ণমালাৰ সৈতে ভেটা-ভেটি নকৰোৱাকৈয়ে পোনে পোনে শব্দ সধাত লগাই বিদ্যাৰম্ভ কৰায়। এনেদৰেই ১৭৬৯ শকৰ কাতিলৈকে এওঁ পিতাকৰ তত্ত্বাৱধানত সংস্কৃত ব্যাকৰণ পঢ়ি তাত কিছু বুৎপত্তি লাভ কৰিলে; আৰু ইফালে নিজে নিজেই দ্ৰোণপৰ্ব, কৰ্ণপৰ্ব আদি অসমীয়া পদ-পুথিবোৰ পঢ়িবলৈ ধৰিলে। পাছত পিতা জহনী ৰোগত ঢুকোৱাত শিৱসাগৰ কলেক্টৰী ছিৰস্তাদাৰ লক্ষ্মীনাথ বৰুৱা খুৰাদেৱেকে এওঁলোকৰ গোটেই পৰিয়াল শিৱসাগৰ নগৰলৈ নি হেমচন্দ্ৰক মাহে ৪, টকা বেতন নাবিছ নিযুক্ত কৰায়। ইফালে পুৱা-গধুলি এওঁ উৰ্বীধৰ শিৱসাগৰীয়া বৰুৱাৰ টোলত সংস্কৃত আৰু তেতিয়াৰ শিৱসাগৰ জিলাৰ অধিপতি কেপ্টেইন ব্ৰোডীৰ ঘৰত দেৱনাগৰীৰে লিখা হিন্দী আৰু ব্ৰজবুলি শিকিছিল। বিদ্যোৎসাহী ব্ৰোডীৰ সহায়তে আকৌ হেমচন্দ্ৰই লুকাই-চুৰকৈ ইংৰাজী শিকিবলৈ লৈছিল, কিয়নো ইংৰাজী শিকিলে জাত যায় বুলি সেই সময়ত বহুতে বিশ্বাস কৰিছিল। কিন্তু ইংৰাজী শিক্ষা সৰহ নৌ আগবাঢ়োতেই সেই কথা দদায়েকৰ কাণত পৰাত সেই চেষ্টাৰ সিমানতে ওৰ পৰিল যদিও পাছত আকৌ আমেৰিকাৰ বেপটিষ্ট মিস্যনৰ সহায়ত এওঁৰ ইংৰাজী শিকাৰ হাবিয়াস ভালেখিনি পূৰ্ণ হয়। পাছে ইংৰাজীত যথেষ্ট ব্যুৎপত্তি হোৱাৰ পাছত খুৰাদেৱেকে তিৰস্কাৰৰ পৰিবৰ্ত্তে মাজে-সময়ে কাছাৰীৰ ইংৰাজী-সংক্ৰান্ত কাকত-পত্ৰবোৰ হেমচন্দ্ৰৰ হতুৱা ভঙাইছিল। ১৮৫৮ত এওঁ অলপ দিন গোলাঘাটৰ ৰেভিনিউ পেছকাৰ আৰু অলপ দিন শিৱসাগৰ ইংৰাজী পঢ়াশালিব দ্বিতীয় শিক্ষকৰ পদত অস্থায়ীকৈ কাম কৰিছিল। তাৰ পাছত মাহিলি ২৫, বেতনত ৰেভিনিউ মহাফেজ নিযুক্ত হৈ ১৮৬২ লৈকে এই কামত থাকে। এই বছৰৰ আগষ্টত এওঁক তেতিয়াৰ অসমৰ জুড়িছিয়েল কমিস্যনাৰ মেজৰ এগনিউৱে গুৱাহাটীলৈ তেওঁৰ ভাষা-ভঙা কাকতী কৰি নিয়ে; প্ৰকৃততে সেই কালত চিৰস্তাদাৰ মুন্সুফ আদিৰ বাহিৰে সৰ্বসাধাৰণৰ