ওলায়। ই বিমল হাস্যৰসৰ সাহিত্য; হেমচন্দ্ৰ বৰুৱাৰ কদো-বৰলৰ শুঙৰ নিচিনা
বিষময় বিদ্ৰূপ ইয়াত নাই। “ৰতনপুৰৰ নৰাই অধ্যাপকক যদু পাচনিয়ে সুধিলে “দেউ,
চাহাব কিয় বোলে?” অধ্যাপকে কলে, “চাহেন বা পাতু ইতি চাহাব। চাহ খাই
ৰক্ষা পৰি থাকে দেখি চাহাব।" যদু—“দেউ, কচাৰি কিয় বোলে?” অধ্যাপক—“কঃ
চাৰি অৰ্থাৎ কোন কোন চাৰিজন বহা ঠাই? বৰ চাহাব, ছোট চাহাব, সদৰ আমিন্,
মুনচুপ।" যদু—“মকৰ্দমা কি বোলে?" অধ্যা—“মং মনুস্যং কদৰ্মং কৰোতি যঃ
সঃ মকৰ্দমা। মানুহক যি খচি বোকাৰ দৰে কৰে সেয়ে মকৰ্দমা।” যদু— ‘হাকিম
কিয় বোলে?” অধ্যা—“হা, কিম্ পদাৰ্থম্? হা, এইটো কি পদাৰ্থ
ঔ!"...যদু— “দেউ, কিবা হনু পেচকাৰ আছে, এওঁনো কোন?” অধ্যা—“পেচং
কৰোতি কি লগায়েতি যঃ সঃ পেচকাৰঃ। যিজনে হাকিমৰ আগত কথাৰ পেচ লগাই
দিয়ে সেইজনেই।"
১৮১২ শকৰ প্ৰথম বছৰৰ “বিজুলী”ত ওলোৱা “আদ্যাশক্তি স্তোত্ৰ" আৰু “ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ বৈকুণ্ঠ প্ৰয়াণত ভাৰত-বিলাপ” আদি পদ্যৰ ছদ্মনামা কবি “গুৰুদত্ত” এই গুণাভিৰামেই। পদ্মহাস গোস্বামীৰ “পদ্যমালা” পুথিতো এওঁৰ ভালেখিনি কবিতাই ঠাই পাইছিল। “ভাৰত-বিলাপ” পদ্যটিত⸻
“কান্দন্ত ভাৰত আই, হিয়া মোৰ পুৰি যায়,
বিদ্যাসাগৰৰ বিয়োগত।
কি পাপে পাপিনী মই, মোহোৰ মৰণ নাই,
যাতনা হে মোৰ কপালত।
যিজনে মোহোৰ অৰ্থে, ধনে প্ৰাণে যত্ন কৰে,
যাৰ হস্ত বাড়ে মোৰ আশা৷
কোৱা নিদাৰুণ বিধি, কিয় তাক হেৰুৱাওঁ,
কিয় মোৰ এনুৱা দূৰ্দ্দশা।
উল্লেখিত পুথি-প্ৰবন্ধৰ বাহিৰে “জেনাকী”ত ওলোৱা এওঁৰ সৌমাৰ ভ্ৰমণ, অসমত মানৰ শেহছোৱা, অলিখিত বুৰঞ্জী আদি উদ্দীপক প্ৰবন্ধ। আনন্দৰাম ফুকনৰ পিছতে গুণাভিৰাম অসমীয়া ভাষাৰ এজন ঘাই উৎসাহদাতা বুলি হেমচন্দ্ৰ বৰুৱাই পৰম শ্ৰদ্ধাৰে